ডিজিটেল ডেস্ক : ৰাজ্যত শেহতীয়াকৈ চৰকাৰে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানৰ সময়তে সমান্তৰালকৈ চুবুৰীয়া নগালেণ্ডেও সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। অসমৰ পৰা কোনো সন্দেহজনক লোকে যাতে নগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে নগালেণ্ড চৰকাৰো। বহিঃৰাজ্যৰ পৰা যোৱা সকলো নাগৰিকৰ ক্ষেত্ৰতেই আই এল পি (ইনাৰ লাইন পার্মিট) বাধ্যতামূলক কৰি তুলিছে। পূৰ্বতে অসমৰ পৰা যোৱা ট্রাক চালকসকলৰ ক্ষেত্ৰত এই ব্যৱস্থা শিথিল আছিল যদিও এইবাৰ সকলোৰে ক্ষেত্ৰত নগা চৰকাৰ কঠোৰ হৈ পৰিছে। মৰিয়নি, যোৰহাট আদিৰ পৰা যোৱা ট্রাকসমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থা হোৱাত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে যোৰহাটৰ লগতে মৰিয়নিৰ পৰা দৈনিক শতাধিক সৰু-বৰ ট্ৰাক নগালেণ্ডলৈ যায়। কিন্তু শেহতীয়াকৈ নগালেণ্ড চৰকাৰে অসমৰ পৰা এই ট্রাকসমূহৰ চালকৰ আই এল পি বিচাৰি হাৰাশাস্তি কৰা আৰম্ভ কৰিছে। আনকি একাধিক ট্রাকচালকক আই এল পি নথকাৰ বাবে জৰিমনাও বিহিছে। এই সন্দর্ভত নগালেণ্ডৰ প্ৰশাসনৰ সৈতে ট্রাকচালকসকলে যোগাযোগ কৰিও কোনো সুফল লাভ নকৰিলে। দুদিন পূর্বে ট্রাকচালকসকলে এক আলোচনাত মিলিত হৈ অসমৰ প্ৰশাসনকো এই বিষয়ে অৱগত কৰে। অৱশেষত কাৰোৰে পৰা কোনো সদুত্তৰ নোপোৱাত বৃহস্পতিবাৰৰ পৰা ট্রাক চালকসকলে নগালেণ্ডলৈ সকলো ট্ৰাকৰ চলাচল বন্ধ কৰিছে। কেৱল সেয়াই নহয়, নগালেণ্ডলৈ যোৱা বাণিজ্যিক সকলো বাহনৰ চলাচল বন্ধ কৰিছে ট্রাকচালকসকলে। এই সন্দর্ভত ট্রাকচালকসকলে জানিবলৈ দিয়া মতে, নগালেণ্ড চৰকাৰে ট্রাকচালকসকলক আই এল পিৰ ক্ষেত্ৰত সদায় শিথিলতা দেখুৱাই আহিছে। কাৰণ প্ৰতিদিনেই ট্রাকচালকসকল নগালেণ্ডলৈ সামগ্রী লৈ আহ-যাহ কৰিব লাগে। তেনে ক্ষেত্রত আই এল পি লোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হয়।
আনহাতে, তেওঁলোকে লগতে জানিবলৈ দিয়া মতে, স্থায়ী আই এল পিৰ বাবে নগালেণ্ডত পৰিয়াল থাকিব লাগিব। যিটো সম্ভৱ নহয় সকলোৰে বাবে। সেয়েহে চালক- হেণ্ডিমেনৰ বাবে আই এল পি ব্যৱস্থা শিথিল কৰিবলৈ তেওঁলোকে দাবী জনাইছে। সেই ক্ষেত্রত নগালেণ্ড চৰকাৰে কোনো ব্যৱস্থা নোলোৱালৈকে প্রতিবাদ সাব্যস্ত কৰিছে মালবাহী ট্রাকচালক সন্থাই। বৃহস্পতিবাৰৰ পৰা অনির্দিষ্ট কালৰ বাবে নগালেণ্ডলৈ বাণিজ্যিক বাহনৰ চলাচল বন্ধ কৰিছে। ট্রাকচালকসকলে নিউ সোণোৱালত সমবেত হৈ নগালেণ্ডলৈ যোৱা চালকৰ আই এল পি নথকা সকলো মালবাহী বাহনকো নগালেণ্ডলৈ যোৱাত বাধা প্রদান কৰিছে। ফলত আজিৰ পৰা নগালেণ্ডলৈ সকলো ট্রাকৰ চলাচল বন্ধ হৈ পৰিছে। এই সম্পর্কে ট্রাকচালক সন্থাই ইতিমধ্যে মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া আৰু মৰিয়নিৰ আৰক্ষীক অৱগত কৰিছে।