ডিজিটেল ডেস্ক : বিতর্কিত মন্তব্যৰে সচৰাচৰ চর্চাত থকা মার্কিন বাষ্ট্রপতি ড'নাল্ড ট্রাম্পে এইবাৰ ভাৰতক 'নৰকৰ দুৱাৰ' হিচাপে অভিহিত কৰিলে। ইয়াকে লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হোৱাৰ লগতে ভাৰতৰ বিদেশ মন্ত্র্যালয়ে বিষয়টোত প্রতিক্রিয়াও প্রকাশ কৰিছে।
বুধবাৰে মাইকেল ছেভেজৰে হোৱা এটা পডকাষ্টৰ কথা-বতৰা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ট্রাম্পে। এই মত বিনিময়ত ট্রাম্পে ভাৰত, চীন আদি কেইখনমান দেশক নৰকৰ দুৱাৰ হিচাপে অভিহিত কৰিছিল। ট্রাম্পৰ এই মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে। ভাৰতৰ বিদেশ মন্ত্ৰ ট্রাম্পৰ মন্তব্যক অনুপযুক্ত বুলি প্রকাশ কৰাৰ লগতে বিষয়টোত খেদ প্রকাশ কৰিছে।
ইফালে, ভাৰতৰ প্রধান বিৰোধী দল কংগ্রেছে ট্রাম্পৰ মন্তব্যক দুর্ভাগ্যজনক আখ্যা দিছে। কংগ্রেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খর্গেই ইয়াক ভাৰতীয় বিৰোধী আৰু অতি ইতিকিংসূচক মন্তব্য বুলি প্রকাশ কৰে। ইফালে, ভাৰতৰ তীব্ৰ প্রতিক্ৰিয়াৰ পাছতে সুৰ সলনি কৰিছে ড'নাল্ড ট্রাম্পে। এইবাৰ তেওঁ ভাৰতক এখন মহান দেশ বুলি মন্তব্য কৰে।