ডিজিটেল ডেস্ক: ইৰানত আমেৰিকাৰ বোমাবর্ষণ আৰু তাৰ ফলত হোৱা ধ্বংসৰ ভিডিঅ' প্রকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে ইৰানৰ চূড়ান্ত পৰাজয় ঘটিছে আৰু তেওঁলোকে এতিয়া এক মীমাংসালৈ আহিবলৈ চেষ্টা কৰিছে।
ট্রুথ ছ'চিয়েলত এটা বিবৃতিত ট্রাম্পে কয়, 'ভুৱা সংবাদ মাধ্যমে আমেৰিকাই ইৰানৰ কি গতি কৰিছে, সেই কথা প্রকাশ কৰিবলৈ বেয়া পায়। ইৰানৰ সম্পূৰ্ণ পৰাজয় হৈছে আৰু তেওঁলোকে এখন চুক্তি কৰিবলৈ বিচাৰিছে, কিন্তু মই গ্রহণ কৰিব পৰা চুক্তি নহয়। ইয়াৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে কয় যে আমেৰিকাই ইৰানক তৈল কেন্দ্র খার্গ দ্বীপত থকা সামৰিক লক্ষ্যবোৰত প্রবল বোমাবর্ষণ কৰে আৰু সোনকালেই আমেৰিকাৰ নৌ সেনাই হৰমুজ প্রণালীয়েদি টেংকাৰবোৰক সুৰক্ষা দি পাৰ কৰাব।
উল্লেখযোগ্য যে ইৰানৰ প্রায় সকলোবোৰ খাৰুৱা তেলৰ ৰপ্তানি এই খার্গ দ্বীপত থকা সেনাই তদাৰক কৰে। ট্রুথ ছ'চিয়েলৰ এটা প'ষ্টত ট্রাম্পে কয় যে 'মধ্য প্রাচ্যৰ ইতিহাসত অন্যতম অতি শক্তিশালী বোমাবর্ষণৰ অভিযানত' খার্গ দ্বীপত থকা সামৰিক লক্ষ্যবোৰ 'সম্পূর্ণভাৱে ধ্বংস' কৰা হৈছে। তেওঁ লগতে কয় যে তেওঁ এই অভিযানত দ্বীপটোৰ তৈল আন্তঃগাঁথনি লক্ষ্য কৰি লোৱা নাই।
ট্রাম্পৰ মতে, উক্ত অভিযানত খার্গ দ্বীপত থকা সকলো সামৰিক ভৱন, স্থান আদিত আক্রমণ কৰা হৈছে। এই খার্গ দ্বীপ হৈছে ইৰানৰ দক্ষিণ উপকূলৰ পৰা ১৫ কিল'মিটাৰ আঁতৰত। প্রায় ৫ মাইল দীঘল এই দ্বীপটোৱে ইৰানৰ তৈল আন্তঃগাঁথনিত এক গুৰুত্বপূর্ণ ভূমিকা পালন কবে। শক্তি খণ্ডৰ বিশেষজ্ঞৰ মতে, বিশ্বৰ বজাৰলৈ ইৰানৰ খাৰুৱা তেলৰ চালানৰ এই দ্বীপটো হৈছে প্রবেশদ্বাৰ। এই দ্বীপটোক ট্রাম্পে ইৰানৰ 'ক্রাউন জুবেল' (সর্বোত্তম সম্পদ) বুলি অভিহিত কৰিছে।
পাৰস্য উপসাগৰৰ উত্তৰৰ জলভাগত থকা এই দ্বীপটো বহুদিনৰ পৰাই 'পাৰস্য উপসাগৰৰ অনাথ মুকুতা' (অৰফেন পার্ল অব্ দ্য পাৰ্ছিয়ান গালফ) নামেৰেও জনাজাত। কটকটীয়া সামৰিক নিয়ন্ত্ৰণৰ বাবে দ্বীপটো 'ফৰবিডেন আইলেণ্ড' (নিষিদ্ধ দ্বীপ) নামেৰেও জনাজাত। এইবাৰ আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে ইৰান-ইৰাকৰ যুদ্ধৰ সময়ত এই দ্বীপটো আক্রমণৰ সন্মুখীন হৈছিল।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে কয়, 'আমাৰ অস্ত্র-শস্ত্ৰবোৰ হৈছে আটাইতকৈ শক্তিশালী আৰু আধুনিক, যিটো বিশ্বই জানে। কিন্তু ভদ্রতাৰ বাবে দ্বীপটোত থকা তৈল আন্তঃগাঁথনি ধূলিসাৎ কৰাটো মই পচন্দ নকৰিলোঁ। অৱশ্যে, ইৰান বা আন কোনোৱে হৰমুজ প্রণালীৰে জাহাজৰ মুক্ত আৰু নিৰাপদ যাতায়াতত বাধা দিলে, মই এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিম। তেওঁ কয়, 'আমি যিয়েই আক্রমণ কৰিবলৈ নিবিচাৰোঁ ইৰানৰ সেইবোৰ প্ৰতিৰক্ষাৰ সক্ষমতা নাই।'
ট্রাম্পে আৰু কয়, 'তেওঁলোকে এইবোৰত একোৱেই কৰিব নোৱাৰে। ইৰানৰ কেতিয়াও পাৰমাণরিক অস্ত্র নাথাকিব; আমেৰিকা, মধ্যপ্রাচ্য বা বিশ্বক ভাবুকি দিয়াৰ সামৰ্থ্যও ইৰানৰ নাথাকিব। ইৰানৰ সামৰিক বাহিনী আৰু ইৰান চৰকাৰৰ সৈতে জড়িত সকলোৱে তেওঁলোকৰ অস্ত্র সমর্পণ কৰা আৰু দেশখনত যি এতিয়া আছে সেইবোৰ ৰক্ষা কৰাই জ্ঞানীৰ কাম।
ইফালে আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে সামাজিক মাধ্যমত প্রকাশ কৰা বিবৃতিত দাবী কৰিছে যে আমেৰিকাৰ সেনাই খার্গ দ্বীপত ৯০তকৈ অধিক ইৰানী সামৰিক স্থান ধ্বংস কৰিছে। ইফালে, ইৰানে কয় যে আমেৰিকাৰ আক্ৰমণ সত্ত্বেও খাৰ্গ দ্বীপৰ পৰা তেলৰ ৰপ্তানি হৈ আছে।