'হৰমুজ প্রণালীৰ পৰা নিজা প্ৰচেষ্টাৰে তেল মোকলাই আনক', ইৰানৰে যুদ্ধত আমেৰিকাক সহযোগ নকৰা দেশক কঠোৰ বাৰ্তা ট্রাম্পৰ

dainik janambhumi April 01, 2026

ডিজিটেল ডেস্ক : ইৰানৰে যুদ্ধৰ সময়ত আমেৰিকাক সহায় নকৰা মিত্র দেশসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ট্রুথ ছ'চিয়েলত এটা প'ষ্টযোগে ট্রাম্পে কয় যে ব্রিটেইন আৰু অন্য দেশবোৰে নিজে নিজে হৰমুজ প্ৰমালীৰ পৰা নিজৰ তেল মোকলাই আনক। ট্রাম্পে দাবী কৰে যে এই দেশবোৰে কেনেকৈ নিজৰ বাবে যুঁজ দিব লাগে সেই কথা শিকিব লাগে। আহি থকা দিনবোৰত আমেৰিকাই আৰু এই দেশবোৰক তেল আহৰণৰ বাবে সহায় নকৰে। 

ইৰানৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাক সহযোগ নকৰাৰ বাবেই এই দেশবোৰৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্প। টাম্পে দৃঢ়তাৰে কয় যে যিবোৰ দেশে ইৰানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'বলৈ অস্বীকাৰ কৰিছে, সেইবোৰ দেশে হয় আমেৰিকাৰ পৰা তেল ক্ৰয় কৰক অথবা হৰমুজ প্রণালীৰ পৰা নিজা প্রচেষ্টাৰে তেল মোকালাই আনক। 

উল্লেখযোগ্য যে ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পাছতে ইৰানে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰা গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্রণালী বন্ধ কৰি ৰাখিছে।

Share This