গাজাৰ শান্তি পৰিষদলৈ মোদীক আমন্ত্রণ ট্রাম্পৰ, সম্পৰ্কৰ অৱনতিৰ মাজতো দৰদ

dainik janambhumi January 20, 2026

ডিজিটেল ডেস্ক : ভাৰত-আমেৰিকাৰ মাজত সম্পৰ্কৰ অৱনতিৰ মাজতো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰস্তাৱিত 'গাজা শান্তি পৰিষদ'ত যোগ দিবলৈ আমন্ত্রণ জনাইছে। 

এই খবৰ জনাইছে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰজিঅ' গ'ৰে। সামাজিক মাধ্যম এক্সত তেওঁ হোৱাইট হাউছে প্ৰেৰণ কৰা আমন্ত্রণ পত্রখন প্রকাশ কৰে। 

উক্ত পত্ৰত লিখা হৈছে, 'প্রিয় প্রধানমন্ত্রী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে মোৰ সৈতে মধ্য প্রাচ্যত শান্তি দৃঢ় কৰাৰ গুৰুত্বপূৰ্ণভাৱে ঐতিহাসিক আৰু মহত্ত্বপূর্ণ প্ৰচেষ্টাত মোৰ সৈতে যোগ দিবলৈ, একে সময়তে উক্ত সংকট সমাধানৰ বাবে এক সাহসী নতুন প্ৰচেষ্টাৰ আৰম্ভকৰিবলৈ আপোনাক আমন্ত্রণ জনাবলৈ পাই আনন্দিত হৈছোঁ।'

Share This