ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ এ আই সৃষ্ট ভিডিঅ'

dainik janambhumi July 22, 2025

ডিজিটেল ডেস্কঃ ফেডাৰেল ব্যুৰ' অব্ ইনভেষ্টিগেশ্যনে (এফ বি আই) আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক গ্ৰেপ্তাৰ কৰাৰ এটা এ আই সৃষ্ট ভিডিঅ' প'ষ্ট কৰি সোমবাৰে ৰাষ্ট্ৰখনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ওবামাৰ বিৰুদ্ধে আক্রমণ বৃদ্ধি কৰে। 'ট্রুথ ছ'চিয়েল'ত প'ষ্ট কৰা এই ভিডিঅ'টো আৰম্ভ হৈছে ওবামাৰ কথাৰে-'বিশেষকৈ ৰাষ্ট্ৰপতি আইনৰ ঊর্ধ্বত।'

তাৰ পাছতে আমেৰিকাৰ বহু ৰাজনীতিকে ভিডিঅ'টোত কয়, 'কোনো আইনৰ ঊর্ধ্বত নহয়।' তাৰ পাছতে ভিডিঅ'টোত দেখা যায় পূৰ্বতে থকা ৰাষ্ট্ৰপতিৰ কাৰ্যালয়তে এফ বি আইৰ দুজন এজেন্টে ওবামাক হেণ্ডকাফ লগোৱা এটা এ আই সৃষ্ট ভিডিঅ'। এই 'গ্ৰেপ্তাৰ'ৰ সময়ত ট্রাম্পে বহি হাঁহি থকা দেখা যায়। এই ভুৱা ভিডিঅ'টো কাৰাগাৰত কমলা ৰঙৰ জাম্পঢ্যুট পিন্ধি থিয় হৈ থকা ওবামাৰ দৃশ্যৰে অন্ত পৰে উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে ওবামাক 'উচ্চ পৰ্যায়ৰ নিৰ্বাচনৰ জালিয়াতি'ত ট্রাম্পে অভিযুক্ত কৰিছিল। যোৱা সপ্তাহত আমেৰিকাৰ নেশ্যনেল ইন্টেলিজেন্সৰ সঞ্চালক তুলসী গাবার্ডে কয় যে ট্রাম্পৰ ৰাষ্ট্ৰপতি হোৱাৰ পথত হেঙাৰ সৃষ্টি কৰিবলৈ ওবামাৰ প্রাক্তন কৰ্মচাৰীয়ে ২০১৬ চনৰ নিৰ্বাচনৰ পাছত ট্রাম্প-ৰাছিয়াৰ ষড়যন্ত্র তত্ত্বৰ সৃষ্টি কৰিছিল।

Share This