ডিজিটেল ডেস্কঃ যোৱা মাহত পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা ভয়ংকৰ যুদ্ধৰ পাছত দুয়োখন দেশে লোৱা যুদ্ধ-বিৰতিৰ সিদ্ধান্তৰ বাবে পুনৰবাৰ কৃতিত্ব লৈছে মার্কিন ৰাষ্ট্ৰপতি। ডানাল্ড ট্রাম্পে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ-বিৰতি তেওঁৰ মধ্যস্থতাতেই হৈছিল বুলি পুনৰ দাবী কৰিছে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে। ভাৰতে এই যুদ্ধ-বিৰতিত কোনো তৃতীয় বিদেশী পক্ষৰ হাত নাই বুলি বাৰে বাৰে কৈ অহাৰ পাছতো ৰাষ্ট্ৰপতি ট্রাম্পে আকৌ এবাৰ এই যুদ্ধ-বিৰতিৰ মধ্যস্থতাকাৰী হিচাপে দাবী কৰাটো লক্ষণীয় হৈ পৰিছে।
ট্রাম্পে শনিবাৰে আৰু এখোপ আগুৱাই গৈ মন্তব্য কৰে যে পাকিস্তানৰ নেতৃত্ব অতি শক্তিশালী। এখন ভয়ংকৰ যুদ্ধ বাধা দিয়াৰ ক্ষেত্ৰত নিজৰ ভূমিকা উল্লেখ কৰি ট্রাম্পে পাকিস্তানৰ নেতৃত্বক প্রশংসা কৰে আৰু এই ক্ষেত্ৰত ভাৰতে স্বীকৃতি নিদিয়া বুলি ভাৰতৰ ওপৰত শতাশা প্রকাশ কৰে। ট্রাম্পে কয়, 'পাকিস্তানৰ নেতৃত্ব অতি শক্তিশালী। মই যেতিয়া এইটো কৈছোঁ, কোনো ব্যক্তিয়ে ভাল নাপাব পাৰে। কিন্তু যিটো হয়, সেইটো হয়েই। তেওঁলোকে যুদ্ধ বন্ধ কৰিলে। মই তেওঁলোকক লৈ গর্বিত। ইয়াক লৈ মই কৃতিত্ব বিচৰা নাই। কিন্তু তেওঁলোকে মোক কোনো ক্ষেত্রতেই কৃতিত্ব নিদিয়ে।' প্রত্যক্ষভাৱে ভাৰতৰ নাম উল্লেখ নকৰাকৈ ট্রাম্পে ১০ মে'ত দুয়োখন দেশৰ যুদ্ধ-বিৰতিৰ প্ৰসংগত কয় যে শান্তিৰ বাবে তেওঁ জনোৱা আহ্বানক পাকিস্তানে সঁহাৰি দিলে, কিন্তু ভাৰতে কোনো ধৰণৰ কৃতজ্ঞতা তেওঁক নজনালে।
আনহাতে, ট্রাম্পে যুদ্ধ-বিৰতিত ভূমিকা লোৱা বিষয়টোক বাৰে বাৰে অস্বীকাৰ কৰি আহিছে। নতুন দিল্লীৰ মতে 'অপাৰেশ্যন সেন্দুৰ'ৰ পাছত পাক-ভাৰতৰ দ্বিপাক্ষিক সিদ্ধান্ত অনুসৰিহে যুদ্ধ-বিৰতি কৰা হৈছিল। ইফালে, ভাৰতত বিভিন্ন বিৰোধী ৰাজনৈতিক দলে, বিশেষকৈ কংগ্রেছে যুদ্ধ-বিৰতিত ৰাষ্ট্ৰপতি ট্রাম্প লৈ ভাৰত চৰকাৰক কঠোৰ সমালোচনা কৰি মধ্যস্থতাকাৰী হিচাপে ভূমিকা লোৱাক আহিছে। ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত এখন সম্ভাব্য পাৰমাণৱিক যুদ্ধ বন্ধ কৰিলে বুলি পুনৰ দাবী কৰাটোৱে ভাৰতত আকৌ নতুন বিতৰ্কৰ সূচনা কৰিব।