৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই , ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা

dainik janambhumi October 31, 2025

ডিজিটেল ডেস্ক : এক আশ্চর্যজনক নীতি পৰিৱৰ্তনেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বৃহস্পতিবাৰে ঘোষণা কৰে যে ১৯৯২ চনত স্বেচ্ছাই সাময়িকভাৱে স্থগিত ৰখাৰ পাছত আমেৰিকাই 'তাৎক্ষণিকভাৱে' পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা আৰম্ভ কৰিব। দক্ষিণ কোৰিয়াৰ বুছানত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে নিৰ্ধাৰিত বৈঠকৰ আগতে আমেৰিকাৰ ৰণকৌশলগত আৰু প্ৰতীকী গুৰুত্ব বৃদ্ধি কৰি ট্রাম্পে এই ঘোষণা কৰে। 

ট্রাম্পে কয় যে ৰাছিয়া আৰু চীনে বৃদ্ধি কৰা আণৱিক কাৰ্যসূচীৰ সৈতে খোজ মিলাবলৈ এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। তেওঁ অভিযোগ কৰে যে আমেৰিকা স্থিৰ হৈ থকাৰ সময়তো দুয়োখন দেশে তেওঁলোকৰ পৰীক্ষাৰ ক্ষমতা বৃদ্ধি কৰিছে। ট্রাম্পে কয়, 'আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন সকলো দেশতকৈ বেছি পাৰমাণৱিক অস্ত্র আছে। ৰাছিয়া হৈছে দ্বিতীয় আৰু চীন বহু কমসংখ্যকেৰে তৃতীয়।' ট্রাম্পে সামাজিক মাধ্যমৰ এটা প'ষ্টত কয়, 'আন দেশবোৰৰ পৰীক্ষা কাৰ্যসূচীৰ বাবে মই যুদ্ধ বিভাগক সমপর্যায়ত আমাৰ পাৰমাণৱিক অস্ত্ৰসমূহ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছোঁ। সেই প্রক্রিয়া তাৎক্ষণিকভাৱে আৰম্ভ হ'ব।' 

ইয়াৰ উপৰি তেওঁৰ প্ৰথমটো কার্যকালত আমেৰিকাৰ পাৰমাণৱিক অস্ত্র 'সম্পূর্ণ অত্যাধুনিক আৰু নবীকৰণ কৰা' বুলি তেওঁ দাবী কৰে। তেওঁ অৱশ্যে কয়, 'মাৰাত্মক ধ্বংসাত্মক শক্তিৰ বাবে মই এনে কৰিবলৈ বেয়া পাইছিলোঁ, কিন্তু মোৰ হাতত বিকল্প নাছিল।' উল্লেখযোগ্য যে যদি আমেৰিকাই পাৰমাণৱিক পৰীক্ষা কৰে তেন্তে ই হ'ব ৩৩ বছৰৰ পাছত তেওঁলোকৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা। ইয়াৰ আগতে আমেৰিকাই শেষবাৰৰ বাবে নেৱাডা পৰীক্ষণস্থলীত ১৯৯২ চনৰ ছেপ্টেম্বৰত পাৰমাণৱিক পৰীক্ষা কৰিছিল।

Share This