সম্পর্ক শেষ! মাস্কৰ বিৰুদ্ধে ট্রাম্পৰ গৰ্জন

dainik janambhumi June 09, 2025

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কিছুদিনৰ আগলৈকে তেওঁৰ ঘনিষ্ঠ সহযোগী তথা প্রখ্যাত উদ্যোগপতি ইলন মাস্কৰ সৈতে সম্পৰ্ক শেষ হোৱা বুলি ঘোষণা কৰে। তেওঁ এন বি চি নিউজক দিয়া এটা সাক্ষাৎকাৰত কয়, 'এতিয়া আমাৰ সম্পৰ্ক শেষ হোৱা বুলি মই ভাবোঁ।' উল্লেখযোগ্য যে কৰ কৰ্তন তথা ব্যয় বিধেয়কক লৈ দুয়োজনৰ মাজত সংঘাতৰ সৃষ্টি হয়। ট্রাম্পে মাস্কক এইবুলি সতর্ক কৰি দিয়ে যে দেশখনৰ মধ্যৱৰ্তী নির্বাচনত যদি মাস্কে ৰিপাব্লিকান পাৰ্টিৰ কৰ বিধেয়কৰ বিৰোধিতা কৰা ডেম'ক্রেটিক দলৰ প্ৰাৰ্থীক পুঁজিৰ যোগান ধৰে, তেতিয়া তেওঁ গভীৰ পৰিণাম ভোগ কৰিব লাগিব। উল্লেখযোগ্য যে মাস্কে ৰাজহুৱাভাৱে ট্রাম্পৰ ৱান বিগ বিউটিফুল বিলৰ বিৰোধিতা কৰিছে আৰু এই বিধেয়কখন ঘৃণনীয় বুলি অভিহিত কৰিছে। ইয়াৰ লগতে ট্রাম্পৰ নীতিয়ে আমেৰিকালৈ মন্দাৱস্থা মাতি আনিব বুলিও তেওঁ কয়। মাস্কে ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ উত্থাপনৰ দাবী কৰি এক্সত প'ষ্ট দিছিল যদিও পাছত ইয়াক ডিলিট কৰে। 

এন বি চিক দিয়া সাক্ষাৎকাৰটোত ট্রাম্পে কয় যে মাস্কৰ সৈতে বুজাপৰালৈ অহাৰ কোনো ইচ্ছা তেওঁৰ নাই। টেছলা আৰু স্পেচ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে তেওঁৰ সম্পর্ক শেষ হৈছে নেকি বুলি সোধাত তেওঁ কয়, 'মোৰ তেনেকুৱাই লাগিছে।' মাস্কক বহুখিনি সুবিধা দিয়া বুলি উল্লেখ কৰি ট্রাম্পে কয় যে এতিয়া তেওঁৰ সৈতে কথা পতাৰো ইচ্ছা নাই। ইয়াৰ আগতে শুকুৰবাৰে ট্রাম্পে এইবুলি কৈছিল যে মাস্কৰ সৈতে যুক্তৰাষ্ট্ৰীয় চৰকাৰে কৰা চুক্তিসমূহ পর্যালোচনা কৰি চোৱাৰ প্রয়োজন। আনকি হোৱাইট হাউছত থকা টেছলাৰ ৰঙা ৰঙৰ গাড়ীখনো তাৰ পৰা আঁতৰোৱাৰ কথা ট্রাম্পে চিন্তা কৰা বুলি প্রকাশ পাইছে।

ইফালে মাস্কে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাক স্পেচ এক্সৰ ড্ৰেগন কেপছুল ব্যৱহাৰ কৰাতো নিষেধ কৰাৰ ভাবুকি দিয়ে। তেওঁৰ এই ভাবুকি নাছা আৰু আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনৰ বাবে এক বৃহৎ বিপর্যয় হ'ব পাৰে বুলি আশংকা কৰা হৈছে। মাস্কৰ এই ভাবুকিয়ে মহাকাশ সংস্থাটোক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ যাত্রী অনা-নিয়া কৰাত সক্ষম আমেৰিকাৰ একমাত্ৰ যানখনৰ পৰা বঞ্চিত কৰাৰ আশংকা কৰা হৈছে। ৱাশ্বিংটন প'ষ্টত প্ৰকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে স্পেচ এক্সৰ কেইবাটাও যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত গুৰুত্বপূৰ্ণ ভূমিকা আছে। এনে অৱস্থাত স্পেচ এক্সৰ সৈতে সম্পর্ক ছেদ হ'লে নাছা আৰু পেন্টাগন তথা চোৰাংচোৱা সংস্থাসমূহ সমস্যাৰ সন্মুখীন হ'ব পাৰে।

Share This