ডিজিটেল ডেস্ক : পুনৰ ৰপ্তানি শুল্ক বৃদ্ধি কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। এইবাৰ বিদেশত প্রস্তুত কৰা ব্ৰেণ্ডেড ঔষধৰ ওপৰত ১০০% শুল্ক আৰোপ কৰিছে মার্কিন প্রশাসনে। ব্ৰেণ্ডেড ঔষধৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি কৰা সন্দৰ্ভত ট্রাম্পে উল্লেখ কৰিছে যে ঔষধ বা ঔষধ প্রস্তুতকাৰী সামগ্ৰীয়ে যাতে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি আনিব নোৱাৰে তাৰ বাবেই তেওঁ এই পদক্ষেপ গ্রহণ কৰিছে।
অৱশ্যে, যিবোৰ কোম্পানীয়ে আমেৰিকাৰ সৈতে নির্দিষ্ট চুক্তিত স্বাক্ষৰ কৰিছে আৰু আমেৰিকাতে তেওঁলোকৰ কোম্পানীৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে তেনে কোম্পানীৰ বাবে এটকাও শুল্ক নির্ধাৰণ কৰা নাই। ইফালে, যিবোৰ কোম্পানীয়ে মূল্য নির্ধাৰণ চুক্তিত স্বাক্ষৰ কৰা নাই অথচ দেশখনত কোম্পানীৰ উৎপাদন কেন্দ্র গঢ়ি তুলিছে তেনে কোম্পানীৰ ওপৰত ২০% শুল্ক আৰোপ কৰা হৈছে আৰু অহা চাৰি বছৰৰ ভিতৰত এই পৰিমাণ ১০০ শতাংশকৈ বৃদ্ধি কৰা হ'ব।
ইফালে, ভাৰতৰ ওপৰত এই শুল্কৰ প্ৰভাৱ নপৰে। কাৰণ ভাৰতে জেনেৰিক ঔষধৰ ক্ষেত্ৰত বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰি আছে। আমেৰিকাৰে ঔষধজাত বাণিজ্যৰ ক্ষেত্ৰতো ভাৰতৰ ৰাজহাড় স্বৰূপ হৈছে এই কম মূল্যৰ জেনেৰিক ঔষধৰ ক্ষেত্ৰখন। যাৰ বাবে ভাৰতৰ ওপৰত মার্কিন শুল্কৰ প্ৰভাৱ নপৰে।