নাবালিকাক যৌন শোষণ চলাইছিল ট্রাম্পে, এপষ্টেইন ফাইলৰ শেহতীয়া তথ্য

dainik janambhumi March 07, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ ন্যায় বিভাগে শেহতীয়াকৈ বৃহস্পতিবাৰে যৌন অপৰাধী জেফ্রি এপষ্টেইনৰ ফাইলৰ তথ্য মুকলি কৰে। এই তথ্য মতে, এটা সাক্ষাৎকাৰত এগৰাকী মহিলাই প্রকাশ কৰিছে যে জেফ্রি এপষ্টেইনে তেওঁ নাবালক হৈ থকা অৱস্থাত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰে তেওঁক পৰিচয় কৰোৱাইছিল আৰু ইয়াৰ পাছতে ট্রাম্পে তেওঁক যৌন উৎপীড়ন চলাইছিল। ন্যায় বিভাগে কয় যে ফাইলৰ এই তথ্য পূর্বতে মুকলি কৰা হোৱা নাছিল, কাৰণ এই তথ্যবোৰ ভুলবশতঃ 'নকল' বুলি চিহ্নিত কৰা আছিল। 

আনহাতে, বিৰোধী ডেম'ক্রেটিক পার্টিয়ে এপষ্টেইন ফাইলৰ তথ্যবোৰ ট্রাম্প প্রশাসনে কেনেদৰে চোৱা-চিতা কৰিছে, সেই বিষয়ত চোকা নজৰ ৰাখিছে। আনহাতে, সাক্ষাৎকাৰটোত মহিলাগৰাকীয়ে কয় যে যৌন অপৰাধী এপষ্টেইনে তেওঁক নিউয়র্কত ট্রাম্পৰ সৈতে পৰিচয় কৰোৱাইছিল। 

ডেমক্রেটৰ অনুসন্ধানকাৰীক ভুক্তভোগী মহিলাগৰাকীয়ে কৈছিল যে ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ সৈতে যৌন সম্বন্ধ কৰিবলৈ বলপূর্বক প্রচেষ্টা চলাইছিল। মহিলাগৰাকীয়ে আৰু কয় যে এপষ্টেইনৰ সৈতে তেওঁৰ সম্পর্ক থকাটো প্রকাশ নকৰিবলৈ তেওঁক বাৰে বাৰে টেলিফ'নযোগে ভাবুকি দিয়া হৈছিল।

Share This