ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিষয়ে অসত্য তথ্য প্রকাশ কৰাৰ বাবে আমেৰিকাৰ অগ্ৰণী বাতৰিকাকত 'নিউয়র্ক টাইমছ'ৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হৈছে। ৰাষ্ট্ৰপতি ট্রাম্পে অভিযোগ কৰে যে বাতৰিকাকতখনে তেওঁ, তেওঁৰ পৰিয়াল আৰু ব্যৱসায়সমূহৰ বিষয়ে অসত্য বাতৰি প্ৰচাৰ কৰিছে।
তদুপৰি, বাতৰিকাকতখনে ৰিপাব্লিকানৰ আন্দোলন, আদর্শ, যেনে- 'আমেৰিকা ফাৰ্ষ্ট মুভমেন্ট', 'মেক আমেৰিকা গ্রেট এগেইন' আদিৰ সন্দর্ভতো অসত্য বাতৰি প্ৰকাশ কৰিছে বুলি ট্রাম্পে অভিযোগ কৰে।
মার্কিন ৰাষ্ট্ৰপতিজনে সোমবাৰে 'নিউয়র্ক টাইমছ' আৰু ইয়াৰ চাৰিজন সাংবাদিকৰ বিৰুদ্ধে ১৫ বিলিয়ন মার্কিন ডলাৰৰ মানহানিৰ গোচৰ তৰে। ফ্ল'ৰিডাৰ এখন জিলা আদালতত ট্রাম্পে এই মানহানিৰ গোচৰ তৰে।