ডিজিটেল ডেস্ক : ফিফা বিশ্ব কাপৰ আয়োজনক লৈ তীব্র বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সৃষ্টি হয় বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ইৰানৰ ফুটবল দলটোক দিয়া ভাবুকিৰ পাছত। ট্রাম্পৰ ভাবুকিৰ পাছত ইৰানৰ ফুটবল দলটোৱে আমেৰিকাৰ পৰা বিশ্ব কাপৰ ফুটবলৰ আয়োজকৰ দায়িত্ব প্রত্যাহাৰ কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে ১১ জুনৰ (ভাৰতত ১২ জুন) পৰা আৰম্ভ হ'বলগীয়া ফিফা বিশ্ব কাপৰ মূল ৰাউণ্ডত খেলাৰ বাবে ইৰানকে ধৰি ৪৮টা দলে যোগ্যতা অর্জন কৰিছে। বিশ্ব কাপৰ প্রস্তুতিও তুংগত চলি আছে। যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্ৰমণ কৰাৰ পাছত ইৰানৰ প্রতিযোগিতাখনত খেলাক লৈ শংকাৰ সৃষ্টি হয়। ইয়াৰ মাজতে এই বাৰৰ প্ৰতিযোগিতাখনৰ সৰ্ববৃহৎ আয়োজক আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানী ফুটবল দলটোক ধমকি দি চাঞ্চল্যৰ সৃষ্টি কৰে।
বিশ্ব কাপৰ সূচী মতে ইৰানৰ গ্রুপ-জিৰ তিনিওখন মেচ আমেৰিকাত অনুষ্ঠিত হ'ব। ইৰানৰ ক্ৰীড়া মন্ত্রীজনে ইতিমধ্যে ঘোষণা কৰে যে দেশখনৰ সর্বোচ্চ নেতাক হত্যা কৰা আমেৰিকালৈ তেওঁৰ দেশৰ দল প্ৰেৰণ কৰিব নোৱাৰে। ইয়াৰ পাছত আজি ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানী দলটোক ধমকি দি সামাজিক মাধ্যমত প'ষ্ট দিয়ে। ট্রাম্পে কয়, 'ইৰানৰ ফুটবল দলটোক বিশ্ব কাপলৈ আদৰণি জনাইছো, কিন্তু যদিহে তেওঁলোকে নিজৰ জীৱন আৰু সুৰক্ষাৰ কথা চিন্তা কৰে তেন্তে তেওঁলোকে ইয়াত খেলিবলৈ অহাটো উচিত নহয় বুলি মই ভাবোঁ।' ট্রাম্পৰ এই ধমকিত জাঙুৰ খাই উঠে ইৰানী ফুটবল দলটো। দলটোৱে এটা বিবৃতিত কয় যে বিশ্ব কাপৰ দৰে প্রতিযোগিতা কোনো এখন দেশে নহয় বৰং এটা সংস্থাই আয়োজন কৰে। দলটোৱে নিজৰ শক্তি আৰু যোগ্যতাৰ বলত বিশ্ব কাপৰ বাবে যোগ্যতা অর্জন কৰিছে আৰু কোনেও তেওঁলোকক বিশ্ব কাপৰ পাৰ বাহিৰ কৰিব নোৱাৰে।
ইৰানৰ দলটোৱে আমেৰিকাৰ পৰা আয়োজকৰ দায়িত্ব প্রত্যাহাৰ কৰিবলৈ দাবী জনাই কয় যে আমেৰিকাই কেৱল নামৰ বাবেহে আয়োজক হৈছে, কিন্তু আয়োজকৰ দৰে ব্যৱহাৰ কৰা নাই আৰু দলসমূহক নিৰাপত্তা দিয়াত ব্যর্থ হৈছে। ইফালে, আমেৰিকাৰ পৰা বিশ্ব কাপৰ আয়োজকৰ দায়িত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণে ফিফাৰ সভাপতি জিয়ানী ইনফেন্টিনো তীব্র চাপৰ সন্মুখীন হৈছে। ইৰানত কৰা আক্ৰমণৰ কাৰণে ইজৰাইল আৰু আমেৰিকাক নিষিদ্ধ কৰাৰো দাবী উঠিছে।