ডিজিটেল ডেস্ক : বাণিজ্য চুক্তি সন্দর্ভত বিশেষ অগ্রগতি লাভ নকৰাকৈ শুকুৰবাৰে দুদিনীয়া চীন ভ্ৰমণৰ অন্ত পেলাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প স্বদেশলৈ ৰাওনা হয়। বিশেষকৈ বিৰল মৌল ৰেয়াৰ আৰ্থ এলিমেন্ট আৰু অধিক অর্থনৈতিক সহযোগিতাৰ বিষয়ত দুয়োখন দেশৰ মাজৰ আলোচনাই অগ্রগতি লাভ নকৰিলে। অৱশ্যে চয়াবিন ক্রয় আৰু বয়িং বিমানৰ বিষয়ত দুয়োদেশৰ মাজত চুক্তি হয়। এই ভ্রমণ সৌহার্দ্যপূর্ণ আছিল যদিও ৰাষ্ট্ৰপতি ট্রাম্প আৰু তেওঁৰ লগত যোৱা মার্কিন প্রশাসনৰ প্ৰতিনিধিবর্গই চীনত প্রতিটো খোজেই অতি সাৱধানতাৰে দিছিল।
ট্রাম্প আৰু তেওঁৰ প্ৰতিনিধিবর্গই এছীয় দেশখনত ম'বাইল ফ'ন, লেপটপ ব্যৱহাৰৰ পৰা খাদ্য গ্রহণলৈকে সকলো দিশতেই লৈছিল বিশেষ সতর্কতামূলক ব্যৱস্থা। কিন্তু ট্রাম্পে বেইজিঙৰ পৰা প্ৰস্থান কৰাৰ আগে আগে ট্রাম্পৰ বিমান এয়াৰ ফ'ৰ্চ ৱানৰ সমীপত ৰাজহুৱাকৈ কৰা এক অস্বাভাৱিক নিৰাপত্তাজনিত কার্যই দৃষ্টি আকর্ষণ কৰে। বাতৰি মতে ট্রাম্পৰ বিমানখন প্রস্থান কৰাৰ আগতে স্মাৰক, লেপেল পিন, সংবাদ মাধ্যমৰ নিমন্ত্ৰণী-পত্ৰ, বার্নাৰ ফ'ন আৰু উপহাৰ সামগ্ৰীকে ধৰি চীনে ট্রাম্পক দিয়া সামগ্ৰীসমূহ বিমানৰ কাষতে থকা আৱৰ্জনা পেলোৱা পাত্ৰত পেলাই থৈ যায়। এই উপহাৰসমূহত চীনা চোৰাংচোৱাই মাইক্র'চিপ, গোপন কেমেৰা সংযোগ কৰি পঠোৱাৰ সন্দেহ কৰিয়ে সেইসমূহ বিমানত উঠাৰ পূৰ্বেই এৰি থৈ যায়। এই কার্য যদিও দেখিবলৈ অস্বাভাৱিক, ট্রাম্পৰ বিষয়াসকলে জনোৱা মতে বিদেশত নির্মিত সামগ্ৰীৰ দ্বাৰা চোৰাংচোৱাগিৰি কৰা বা অনুসৰণ (ট্রেকিং) কৰাৰ চেষ্টাক বাধা দিবলৈ ই হৈছে আমেৰিকাৰ দীৰ্ঘদিনীয়া নিৰাপত্তাৰ পদ্ধতি। হোৱাইট হাউছৰ সংবাদদাতা এমিলী গুডিনে কয় যে উক্ত নির্দেশনা আমেৰিকাৰ ছিক্রেট ছার্ভিচে বিমানখনৰ ৰেম্প বা ৰখোৱা স্থানতে পালন কৰে। বাতৰি মতে, দশক দশকজুৰি আমেৰিকাৰ শীর্ষ পৰ্যায়ৰ নেতাই চীন ভ্ৰমণ কৰা সময়ত এনে সতর্কতা অবলম্বন কৰা হয়। অৱশ্যে সম্পূর্ণ মুকলিকৈ সামগ্রীসমূহ ডাষ্টবিনত পেলোৱাটো এইবাৰৰ সৈতে দুবাৰমানহে কৰা হৈছে।
ইফালে, চীন ভ্ৰমণ কৰা মার্কিন ৰাষ্ট্ৰপতিৰ লগত কোনো লোকেই নিজা ম'বাইল ফ'ন, লেপটপ লগত লৈ যোৱা নাছিল। চীনত মার্কিন প্রতিনিধিসকলে বিশেষ 'বার্নাৰ' ফ'ন ব্যৱহাৰ কৰিছিল। যাতে আমেৰিকাৰ কোনো গোপন তথ্য চীনৰ চাইবাৰ চেলৰ হাতত নপৰে। ইফালে, ৰাষ্ট্ৰপতি ট্রাম্প আৰু তেওঁৰ প্রতিনিধিসকলে চীন ভ্ৰমণৰ সমগ্ৰ সময়ছোৱাত কোনো চীনা খাদ্য গ্রহণ কৰা নাছিল। আমেৰিকাৰ পৰা বিশেষভাৱে লৈ যোৱা মেকড 'নাল্ডছৰ খাদ্যহে ট্রাম্পকে ধৰি তেওঁৰ সহকৰ্মীসকলে চীনত গ্ৰহণ কৰিছিল।