ভাৰতসহ পাঁচ ৰাষ্ট্ৰৰ গোট গঠন কৰিব ট্রাম্পে, সংবাদ মাধ্যমৰ চৰ্চাত মার্কিন ৰাষ্ট্ৰপতিৰ পৰিকল্পনা

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্ক: ইউৰোপৰ প্ৰাধান্য থকা জি৭ আৰু অন্য পৰম্পৰাগত গণতান্ত্ৰিক আৰু ধনিক দেশৰ গোটক একাষৰীয়া কৰি মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আমেৰিকা, ৰাছিয়া, চীন, ভাৰত আৰু জাপানৰ এটা শক্তিশালী গোট 'চি৫' অথবা 'মুখ্য পাঁচ' গঠনৰ পৰিকল্পনা কৰিছে। এই বিষয়ত কোনো আনুষ্ঠানিক তথ্য প্রকাশ হোৱা নাই যদিও আমেৰিকাৰ সংবাদ মাধ্যম 'পলিটিক'ই এই সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। 

যোৱা সপ্তাহত হোৱাইট হাউছে প্রকাশ কৰা আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ কৌশলসমূহৰ অপ্রকাশিত সংস্কৰণৰ এই নতুন শক্তিশালী ৰাষ্ট্ৰ গোটটোৰ বিষয়ত উল্লেখ কৰা হৈছে বুলি 'পলিটিক'ই প্রকাশ কৰিছে। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ এই পৰিকল্পনা কিমান দীর্ঘস্থায়ী হয়, সেইটো অৱশ্যে 'পলটিক'ই প্রকাশ কৰা নাই। 

আনহাতে, এই নতুন গোটটোত ইউৰোপৰ কোনো ৰাষ্ট্ৰকে অন্তর্ভুক্ত নকৰিলে ট্রাম্পে। এছিয়াৰ তিনি শক্তিধৰ দেশৰ সৈতে ৰাছিয়াক ট্রাম্পে অন্তর্ভুক্ত কৰাটো লক্ষণীয় হৈ পৰিছে। ইতিমধ্যে, দেশী-বিদেশী সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ হৈছে যদিও কোনো সংবাদ মাধ্যমে নিশ্চিত তথ্য দাঙি ধৰা নাই।

Share This