বিশ্বজুৰি খ্ৰীষ্টানক সুৰক্ষা দিব ট্রাম্পে, খ্রীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ হত্যাযজ্ঞ চলি থকা নাইজেৰিয়াত আক্ৰমণৰ প্ৰস্তুতি মার্কিন প্রশাসনৰ

dainik janambhumi November 03, 2025

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সমগ্র বিশ্বজুৰি থকা খ্রীষ্টান ধৰ্মৰ লোকসকলক সুৰক্ষা দিবলৈ প্রতিশ্রুতিবদ্ধ হৈছে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে নাইজেৰিয়া আৰু অন্য দেশবোৰত খ্ৰীষ্টান ধর্মাবলম্বী লোকসকলক কৰি থকা অত্যাচাৰ আমেৰিকাই সহ্য কৰি নাথাকে। ট্রাম্পে কয় যে বিশেষকৈ নাইজেৰিয়াত খ্ৰীষ্টান লোকসকলক অত্যাচাৰ কৰি থকা হৈছে। নাইজেৰিয়াত খ্রীষ্টিয়ান সংখ্যালঘুসকলৰ ওপৰত ইছলামিক মৌলবাদীৰ আক্ৰমণ আৰু দেশখনত মুছলমান আৰু খ্ৰীষ্টানসকলৰ মাজত চলি থকা হিংসাত্মক ঘটনা সন্দর্ভত ৰাষ্ট্ৰপতি ট্রাম্পে এইদৰে কয়। 

পশ্চিম আফ্রিকাৰ দেশখনত খ্রীষ্টানসকলক হত্যা, নির্যাতন কৰি থকাৰ বিষয়ত মার্কিন প্রশাসন নীৰৱ হৈ থকা বুলি আমেৰিকান সাংসদসকলে ট্রাম্পক সমালোচনা কৰাৰ পাছতেই ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে তেওঁ পেন্টাগনক নাইজেৰিয়াৰ বিৰুদ্ধে আক্ৰমণৰ প্রস্তুতি চলাবলৈ নির্দেশ দিছে। ৰাষ্ট্ৰপতি ট্রাম্পে শনিবাৰে কয় যে যদি নাইজেৰিয়াৰ চৰকাৰে দেশখনত সংখ্যালঘু খ্রীষ্টানসকলক হত্যাযজ্ঞৰ অনুমতি দি থাকে তেনেহ'লে আমৰিকাই শীঘ্ৰেই নাইজেৰিয়ালৈ সকলো সাহায্য আৰু সমর্থন বন্ধ কৰিব আৰু দেশখনত ইছলামিক সন্ত্রাসবাদীক নির্মূল কৰিবলৈ মার্কিন প্রশাসনে দেশখনত আক্রমণ কৰিব। 

ট্রাম্পে কয়, 'মই সেইবাবে আমাৰ প্ৰতিৰক্ষা বিভাগক নাইজেৰিয়াৰ বিৰুদ্ধে আক্ৰমণৰ প্ৰস্তুতি চলাবলৈ নির্দেশ দিছোঁ।' ইফালে, নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুই কয় যে নাইজেৰিয়াক এখন ধর্মীয় অসহিষ্ণু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাটোৱে ৰাষ্ট্ৰখনৰ বাস্তৱ পৰিস্থিতি প্রতিফলিত নকৰে। নাইজেৰিয়াই সকলো ধর্মীয় বিশ্বাসৰ লোককে সুৰক্ষা দিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি তিনুবুই কয়। উল্লেখযোগ্য যে নাইজেৰিয়াৰ চলিত বর্ষত ইছলামিক সন্ত্রাসবাদীৰ আক্ৰমণত বহুতো খ্রীষ্টান লোক নিহত হৈছে।

Share This