চীন, ৰাছিয়া, ইৰানৰে অৰ্থনৈতিক সম্পৰ্ক ছেদ কৰক, ভেনিজুৱেলাৰ অন্তৰ্ৱৰ্তী ৰাষ্ট্ৰপতিলৈ ট্রাম্পৰ সকীয়নি

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক : ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক অপহৰণ কৰি নিউয়ৰ্কত বন্দী কৰাৰ কেইদিনমান পাছতে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভেনিজুৱেলাৰ তেলৰ বিষয়ত এটা নতুন পৰিকল্পনা প্রস্তুত কৰিছে।

ট্রাম্পে এই বিষয়ত কয় যে ভেনিজুৱেলাৰ ৩০-৫০ মিলিয়ন বেৰল তেল আমেৰিকাই বিক্ৰী কৰিব। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ভেনিজুৱেলাৰ এই তেলখিনি আমেৰিকাই বিক্ৰী কৰিলে ভেনিজুৱেলা আৰু আমেৰিকাৰ জনসাধাৰণ উপকৃত হ'ব।

ট্রাম্পৰ এই পৰিকল্পনাৰ পাছতেই এইটো স্পষ্ট যে ভেনিজুৱেলাৰ তেল হস্তগত কৰাৰ বাবেই মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে এই সমগ্র কার্যপন্থা লৈছে।

Share This