উঃ-পূবক লৈ 'ট্রাম্পলেণ্ড'ৰ মানচিত্ৰ, খালিস্তানপন্থী সংগঠন শিখ ফৰ জাষ্টিচৰ ষড়যন্ত্ৰ

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক : বাংলাদেশৰ চৰমপন্থী তথা মৌলবাদী নেতা-সংগঠনে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচনাৰ বাতৰি শেহতীয়াকৈ প্রকাশ পোৱাৰ সময়তে এইবাৰ এনে ষড়যন্ত্রত নিষিদ্ধ খালিস্তানপন্থী সংগঠন শিখছ ফৰ জাষ্টিচ (এছ এফ জে) জড়িত হোৱাৰ বাতৰি প্ৰকাশ পাইছে। বৰদিনৰ সময়ত খ্ৰীষ্টানৰ বিৰুদ্ধে হোৱা আক্রমণৰ প্ৰতিক্ৰিয়াত এছ এফ জেৰ মুৰব্বী সন্ত্রাসবাদী গুৰপতৱন্ত সিং পান্নুৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এখন খ্রীষ্টান গৃহভূমি সৃষ্টিৰ আহ্বান জনাইছে, যিখনৰ তেওঁ নাম দিছে 'ট্রাম্পলেণ্ড'। 

একাধিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, এছ এফ জেই অসম, অৰুণাচল, নগালেণ্ড, মিজোৰাম, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাক লৈ এখন মানচিত্রও প্রকাশ কৰিছে। এছ এফ জেয়ে কয় যে খ্রীষ্টান সংখ্যাগৰিষ্ঠ উক্ত অঞ্চলে উৎপীড়িত সংখ্যালঘুৰ আশ্রয়স্থলী ৰূপে কাম কৰিব। এটা ভিডিঅ' বিবৃতিত এছ এফ জেৰ মুৰব্বী পানুৱে 'ভাৰতত খ্ৰীষ্টান সাংস্কৃতিক, শাৰীৰিক আৰু ৰাজনৈতিক বিপদ'ৰ সন্মুখীন হৈছে বুলি অভিযোগ কৰি প্ৰত্যক্ষভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক আহ্বান জনায়। 

পান্নুৱে কয়, 'ৰাষ্ট্ৰপতি ট্রাম্প হৈছে বিশ্বৰ একমাত্র সাহস, কর্তৃত্ব আৰু সমল থকা নেতা, যি এই পৰিস্থিতিত হস্তক্ষেপ কৰিব পাৰিব।' তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত বাইবেলৰ ধর্মোপদেশ দিয়াটো অপৰাধ হৈ পৰিছে, গির্জা জ্বলাই দিয়া হৈছে আৰু খ্ৰীষ্টানৰ গাঁৱত আক্ৰমণ কৰা হৈছে। তেওঁ অভিযোগ কৰি কয়, 'যি সময়ত বিশ্বই বৰদিন উদ্যাপন কৰিছে, সেই সময়ত ভাৰতৰ খ্ৰীষ্টান সংগঠিত হিংসা, আক্রমণ আৰু উৎপীড়নৰ সন্মুখীন হৈছে। 'বর্ধিত অসনশীলতা'ৰ প্ৰমাণ হিচাপে পান্নুৱে শেহতীয়াকৈ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ কথাৰো উদ্ধৃতি দিয়ে।

Share This