ট্রাম্পৰ শুল্ক নীতিৰ বাবেই ভাৰতক চীন-ৰাছিয়াৰ ওচৰ চপালে

dainik janambhumi September 07, 2025

ডিজিটেল ডেস্কঃ মার্কিন সাংসদ জনাথন জেকছনে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক অৱনতি হোৱাৰ বাবে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক কঠোৰ সমালোচনা কৰে। ভাৰতৰ বিৰুদ্ধে বর্ধিত শুল্ক আৰোপ কৰি আৰু দুৰ্বল কূটনৈতিক কৌশল প্রয়োগ কৰি আমেৰিকাই নতুন দিল্লীক বেইজিং আৰু মস্কোৰ ওচৰ চপালে বুলি অভিযোগ কৰে জনাথন জেকছনে। আমেৰিকাৰ সাংসদজনে কয় যে ভাৰত আৰু আমেৰিকা হৈছে প্রকৃতিগত অংশীদাৰ।

দুয়োখন দেশে তেওঁলোকৰ গণতন্ত্র, স্বাধীনতা আৰু সমৃদ্ধিৰ ভাগ-বাটোৱাৰা কৰিয়েই ইমান দিনে সম্পর্ক বজাই ৰাখিছিল। কিন্তু ভাৰতীয় সামগ্ৰীত ৰাষ্ট্ৰপতি ট্রাম্পৰ 'অবিবেচক' ৫০ শতাংশ শুল্ক আৰোপে দেশ দুখনৰ মাজত ব্যৱধান বৃদ্ধি কৰিলে বুলি জনাথনে কয়। ট্রাম্পৰ এই শুল্ক নীতিয়ে আমেৰিকাক শক্তিশালী কৰাৰ পৰিৱৰ্তে দুৰ্বলহে কৰিলে।

এই শুল্ক নীতিয়ে দুয়োখন দেশৰ মাজত থকা বিশ্বাসক দুৰ্বল কৰি বাণিজ্য ব্যাহত কৰিলে আৰু ভাৰতক চীন আৰু ৰাছিয়াৰ সৈতে বন্ধুত্ব কৰাৰ পথ প্রশস্ত কৰিলে বুলি মার্কিন সাংসদজনে কয়। এইটো হৈছে আমেৰিকাৰ বাবে এটা ভয়ংকৰ পথ আৰু ৰাষ্ট্ৰপতি ট্রাম্পৰ বাবেই দুয়োখন দেশৰ দীৰ্ঘদিনীয়া সম্পৰ্কত অৱনতি ঘটিল বুলি জনাথনে অভিযোগ কৰে।

Share This