ডিজিটেল ডেস্ক : শিৱসাগৰ আৰু যোৰহাট জিলাৰ ভয়ংকৰ বানপানীৰ অভিকেন্দ্ৰ জাঁজী নদীৰ কাষত মলং আৰু নামচাইত ব্যাপক কয়লা আৰু শিল খননৰ চাক্ষুষ প্রমাণ তুলী ৰে'লৱে ষ্টেছন আৰু নগালেণ্ডৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা শিলৰ কুঁৱেৰীসমূহ। নগালেণ্ডৰ তুলীত ১৯৯০ চনতে নিৰ্মাণ কৰা আমগুৰি তুলী ৰে'লৱে ষ্টেছনটো নগালেণ্ডৰ পৰা মানুহ আৰু তুলী পে'পাৰ মিলৰ মানুহৰ যাতায়াতৰ বাবে স্থাপন কৰিছিল।
২০০২ চনৰ পৰা ২০০৫ চনলৈকে যাত্রীবাহী ট্রেইন চলাচল কৰিছিল। পে'পাৰ মিল বন্ধ হৈ যোৱাৰ পাছত তুলী ৰে'লৱে ষ্টেছনৰ পৰা আমগুৰি হৈ চলাচল কৰা যাত্রীবাহী ট্রেইন বন্ধ হৈ পৰিল। এনেকৈ কিছুদিন ৰে'লৰ চলাচল বন্ধ হোৱাৰ পাছত ২০১০ চনৰ পৰা কয়লা আৰু শিলৰ মালবাহী ট্রেইন চলিবলৈ ধৰিলে। নগালেণ্ডৰ মলং আৰু নামচাই অঞ্চলত খনন কৰা কয়লা আৰু শিল তুলী ষ্টেছনত জমা কৰি অসমৰ বাহিৰলৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে, এখন কয়লা বা শিল পৰিবাহী মালবাহী ট্রেইনত ৪২ টা দবা থাকে আৰু প্রতিটো দবাতে ৬০ টন কয়লা বা শিল থাকে। আজি দীর্ঘদিন ধৰি এনেদৰে পাহাৰৰ পৰা শিল, কয়লা খনন কৰাৰ ফলত ব্যাপক পৰিৱেশ প্ৰদূষণৰ লগতে পাহাৰত বৃহৎ বৃহৎ হ্ৰদৰ সৃষ্টি হৈ পানী জমা হৈ থাকে। এই জমা হোৱা পানীয়েই অধিক হ'লে পাহাৰৰ পৰা বৈ অহা সৰু সৰু জান-জুৰিয়েদি জাঁজী নদীত পৰি ওফন্দি বানপানীৰ সৃষ্টি কৰে। জানিব পৰা মতে, তুলীৰ পৰা ৰে'লেৰে যোৱা কয়লা জালানগড়, বিহাৰ, উত্তৰ প্ৰদেশ, কাছাৰ আদি স্থানলৈ প্ৰেৰণ কৰে। কয়লা আৰু শিলৰ এই বৃহৎ ব্যৱসায়ত অসমৰ ৰাজনৈতিক নেতাৰ হস্তক্ষেপ আৰু কমিছনৰ অংক আছে বুলি অভিযোগ উঠিছে। ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা নাথাকিলে কেতিয়াও অসমৰ মাজেদি এই ব্যৱসায় চলি থকা সম্ভৱ নহয়। অসমৰ মাজেদি পাৰ হৈ যোৱা প্রতি ট্রাক কয়লাৰ পৰা কমিছন সংগ্ৰহ কৰে বুলি অভিযোগ আছে। নগালেণ্ডৰ কয়লা আৰু শিল ব্যৱসায়ত স্থানীয় অসমৰ যুৱক আৰু অসমৰ বাহিৰৰ ব্যৱসায়ীও জড়িত আছে।
নগালেণ্ডত শিল আৰু কয়লা খননৰ নির্দিষ্ট নীতি- নিয়ম আছে যদিও সেই নীতি-নিয়ম অমান্য কৰি কেৱল নিজৰ মুনাফা লাভৰ বাবেই প্রকৃতি ধ্বংস কৰি পাহাৰৰ স্বাভাৱিক জান-জুৰি বন্ধ কৰি অবাধ কয়লা আৰু শিল খননৰ বাবেই যে এইবাৰৰ বানপানী কোনোদিনে নোহোৱা অঞ্চলত ভয়ংকৰ ৰূপত হ'ল সকলোৱেই একেমুখে স্বীকাৰ কৰিছে। অন্যহাতেদি বানপানীত অহা শিল, কয়লা, মাটিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিলেই ক'ৰ পৰা আহিছে তাৰ প্ৰমাণ ওলাব বুলি ৰাইজে মন্তব্য কৰিছে।