তামিলনাডুত অকলেই নির্বাচন খেলিব টি ভি কেই

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক : তামিলনাডুত এন ডি এৰ উপ-মুখ্যমন্ত্ৰী পদৰ প্রজ্ঞার প্রত্যাখ্যান কৰিলে তামিলাগা ভেট্টি কাজাগাম (টি ভি কে)ৰ মুৰব্বী তথা অভিনেতা বিজয়ে। সোমবাৰে জনপ্রিয় অভিনেতাজনৰ নেতৃত্বাধীন টি ভি কে দলে মিত্রতাৰ সন্দৰ্ভত কয় যে ২৩ এপ্রিলত অনুষ্ঠিত হ'ব লগা বিধানসভাৰ নিৰ্বাচনত দলটোৱে কাৰো লগত মিত্ৰতা নকৰে। দলটোৱে অকলেই নির্বাচনত অৱতীৰ্ণ হ'ব। 

টি ভি কেৰ সাধাৰণ সম্পাদক চি টি আৰ নিৰ্মল কুমাৰে সোমবাৰে 'এক্স' যোগে প্রকাশ কৰে যে টি ভি কেই নির্বাচনী মিত্ৰতা কৰিব বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে। ৰাজহুৱা স্বার্থজড়িত বিষয়বোৰৰ পৰা জনতাৰ দৃষ্টি আনফালে নিবৰ বাবে এই ভুৱা প্ৰচাৰ চলাইছে বুলি কুমাৰে কয়। 

ইফালে, এন ডি এৰ সূত্ৰই প্ৰকাশ কৰিছে যে এন ডি এ আৰু টি ভি কেৰ মাজত মিত্রতা সন্দৰ্ভত আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো ফলাফল ওলোৱা নাই। উল্লেখযোগ্য যে এ আই ডি এম কে নেতৃত্বাধীন এন ডি এই আসন্ন বিধানসভাৰ নিৰ্বাচনত টি ভি কেক ৭০-৮০খন আসন এৰি দিয়াৰ প্ৰস্তাৱ দিছিল।

Share This