ডিজিটেল ডেস্ক: বাংলাদেশৰ অন্তৱর্তীকালীন চৰকাৰৰ নিৰ্দেশনা মানি ল'লে দেশখনৰ ক্ৰিকেট বর্ডে। দেওবাৰে বাংলাদেশ ক্রিকেট বৰ্ডৰ (বি চি বি)ৰ ১৭ গৰাকী সঞ্চালকৰ বৈঠকত টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ দল প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।
বাংলাদেশৰ এক সংবাদ মাধ্যমত প্রথমে এই খবৰ প্রকাশ পায়। পিছত বাংলাদেশৰ ক্রীড়া উপদেষ্টা আছিফ নজৰুলে ছ'চিয়েল মিডিয়াত এই কথা নিশ্চিত কৰে। অৱশ্যে বিচিবিৰ অধিকাংশ সঞ্চালকে কঠোৰ ব্যৱস্থা গ্রহণ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু চৰকাৰৰ হস্তক্ষেপৰ পাছত তেওঁলোকে সিদ্ধান্ত সলনি কৰিলে। ব'ৰ্ডৰ বৈঠকত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নাযাবলৈ সিদ্ধান্ত লোৱা হয়।
টি-২০ বিশ্ব কাপৰ বাবে দল ঘোষণা কৰাৰ পাছতেই বৈঠকত মিলিত হয় বিচিবিৰ সঞ্চালকৰ দল। উক্ত বৈঠকত সিদ্ধান্ত লোৱা হয় যে ভাৰতৰ পৰিৱৰ্তে শ্রীলংকাত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কাপত বাংলাদেশৰ খেল আয়োজন কৰিবলৈ জয় শ্বাহৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰা হ'ব। মন কৰিবলগীয়া যে টি-২০ বিশ্ব কাপৰ গ্ৰুপ পৰ্যায়ৰ বাংলাদেশৰ চাৰিওখন খেল ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল। সূচী অনুসৰি কলকাতাত বাংলাদেশৰ তিনিখন খেল আৰু আনখন মুম্বাইত আছিল। বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফে কয়, 'বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাযায় বাংলাদেশৰ ক্রিকেট দল। কালি এই সিদ্ধান্ত লয় বিচিবিয়ে।
ভাৰতীয় ক্রিকেট বৰ্ডৰ উগ্ৰ সাম্প্রদায়িক নীতিৰ পৰিপ্ৰেক্ষিতত গৃহীত এই সিদ্ধান্তক স্বাগতম জনাইছো।' শনিবাৰে আই পি এলৰ পৰা বাংলাদেশী ক্রিকেটাৰ মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পাছতে পৰিস্থিতি জটিল হৈ পৰে। বাংলাদেশত সংখ্যালঘু হিন্দুক কৰা আক্ৰমণ আৰু ভাৰত বিৰোধী প্রতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডে এই কঠোৰ পদক্ষেপ গ্রহণ কৰে। প্ৰয়োজন হ'লে আই চি চিৰ ওপৰত হেঁচা প্রয়োগ কৰিব বুলি ইতিমধ্যেই ভাৰতীয় ক্রিকেট ব'ৰ্ডে জনাইছে। ভাৰতীয় ব'ৰ্ডৰ এগৰাকী কর্মকর্তাই কয় যে প্রতিযোগিতাৰ এমাহ আগেয়ে হঠাৎ সকলো আয়োজন নতুনকৈ কৰা সম্ভৱ নহয়।