ডিজিটেল ডেস্ক : 'মাজুলীৰ মাটি বালিচহীয়া, ইয়াত চাহ খেতি নহয়'- বছৰ বছৰ ধৰি মাজুলীৰ মানুহৰ মাজত চলি অহা এই ধাৰণাক ভুল প্রমাণিত কৰি তুলিছে উজনি মাজুলীৰ ফুটচাং গাঁৱৰ দুই ককাই-ভাই তিলক শইকীয়া আৰু দুলাল শইকীয়াই। বানপানীৰ প্রকোপ আৰু বালিময় মাটিৰ বাবে চাহ কৃষিৰ ক্ষেত্ৰত পাছপৰা বুলি ভবা মাজুলীৰ বুকুত এতিয়া সেউজীয়া চাহ বাগানৰ কৃষিকৰ্মৰে তেওঁলোকে স্বাৱলম্বিতাৰ এক নতুন অধ্যায় ৰচনা কৰিছে। সন্দেহৰ পৰা সফলতালৈ যাত্ৰা কৰা এই কৃষক দুজনে প্রায় ২-৩ বছৰ পূৰ্বে নিজৰ পৈতৃক মাটিত পৰীক্ষামূলকভাৱে চাহ খেতি আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। প্রথম অৱস্থাত গাঁৱৰ বহুতে কৈছিল যে মাজুলীৰ মাটি চাহ খেতিৰ বাবে উপযোগী নহয়, কাৰণ ইয়াৰ মাটি বেছিকৈ বালিময় আৰু পানী ধৰি ৰাখিব নোৱাৰে। কিন্তু তেওঁলোকে হাৰ নামানি আধুনিক কৃষি পদ্ধতি গ্রহণ কৰিলে।
প্রথমে মাটিৰ PH পৰীক্ষা কৰি ৫.৫-৬.৫ ৰ ভিতৰত ৰাখিবলৈ জৈৱিক সাৰ আৰু কম্প'ষ্ট প্রয়োগ কৰিলে। লগতে ডীপ ইৰিগেশ্যন ব্যৱস্থাৰ জৰিয়তে পানীৰ সঠিক যোগান নিশ্চিত কৰিলে। ছাঁৰ বাবে আগ্রহ গছ আৰু বায়ুৰোধক গছ ৰোপণ কৰি চাহ গছক প্রাকৃতিক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰি এই কৃষক দুজনে এক নতুন কৃষিকৰ্মৰ আৰম্ভ কৰিলে। তেওঁলোকে পৰীক্ষামূলকভাৱে প্ৰায় ১ বিঘা মাটিত ৰোপণ কৰা চাহ বাগানখন বর্তমান সেউজীয়া পাতেৰে ভৰি পৰিছে। মাজুলীৰ মাটিতো যে চাহ খেতি সম্ভৱ, তাকেই এই দুই ভাতৃয়ে প্রমাণ কৰি দেখুৱালে। জৈৱিক চাহ, নতুন সম্ভাৱনা বুকুত লৈ তিলক আৰু দুলালে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ, গোবৰ সাৰ ব্যৱহাৰ কৰিছে। তেওঁলোকৰ মতে, মাজুলীৰ পৰিৱেশ আৰু মাটি জৈৱিক চাহ উৎপাদনৰ বাবে অতি উপযোগী। ৰাসায়নিকমুক্ত জৈৱিক চাহৰ চাহিদা বজাৰত বেছি আৰু ইয়াৰ দামো সাধাৰণ চাহতকৈ ২০-৩০শতাংশ বেছি। চাহ গছ ৰোপণৰ ১৮-২৪ মাহৰ পাছতে পাত তোলা আৰম্ভ কৰিব পাৰি। তেওঁলোকৰ বাগানত এতিয়া প্রতি মাহে প্রায় ২০০-২৫০ কেজি কেঁচা চাহপাত উৎপাদন হৈছে। কেঁচা চাহপাতৰ বজাৰ দৰ প্ৰতি কেজিত ৪০-৪১ টকা। এইদৰে তেওঁলোকে মাহেকত প্রায় ৩০/৪০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ককাই-ভাইৰ এই যুটীয়া প্রচেষ্টাত উৎপাদিত কেঁচা চাহপাতসমূহ এতিয়া উত্তৰ অসমৰ বিভিন্ন কাৰখানালৈ নিয়মিতভাৱে যোগান ধৰা হৈছে বুলি আমাক জানিবলৈ দিয়ে। ইফালে, আমি পর্যালোচনা কৰিলে দেখা পাওঁ যে চাহ খেতিৰ বাবে সাধাৰণতে পাহাৰীয়া অঞ্চল আৰু লোম মাটি ভাল বুলি ধৰা হয়। কিন্তু মাজুলীৰ মাটিতো চাহ খেতি সম্ভৱ, যদি মাটিৰ আৰ্দ্ৰতা ধৰি ৰখা আৰু নিষ্কাশন ব্যৱস্থা সঠিক হয়। তিলক আৰু দুলাল বৰাই মালচিং পদ্ধতি ব্যৱহাৰ কৰি মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ কৰিছে আৰু গছৰ গুৰিত খেৰ-পাত দি মাটি ঠাণ্ডা কৰি ৰাখিছে। লগতে তেওঁলোকে ছাঁদিয়া চাহ জাতৰ পুলি ৰোপণ কৰিছে, যিটো সমতল আৰু বালিময় মাটিতো সহজে খাপ খাব পাৰে। মাজুলীৰ যুৱশক্তিৰ বাবে অনুপ্ৰেৰণা যোগাই তিলক শইকীয়াই কয়, 'বাহিৰলৈ গৈ চাকৰি বিচৰাৰ সলনি নিজৰ মাটিতেই কিবা এটা কৰাৰ কথা ভাবিছিলোঁ।
ইচ্ছা আৰু পৰিশ্ৰম থাকিলে মাজুলীৰ মাটিতো অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰি।' দুলাল শইকীয়াই লগতে কয়, 'মাজুলীৰ মাটিত জৈৱিক চাহৰ প্ৰচুৰ সম্ভাৱনা আছে। আমি যদি সফল হ'ব পাৰোঁ, আন কৃষকসকলেও এই পথ বাছি ল'ব পাৰে। আমাৰ লক্ষ্য হৈছে অদূৰ ভৱিষ্যতে নিজাকৈ সৰু চাহ প্ৰক্ৰিয়াকৰণ ইউনিট স্থাপন কৰা।' মাজুলীৰ বুকুত চাহৰ সুৱাস এতিয়া কেৱল দুই ককাই-ভাইৰ সফলতাতে সীমাবদ্ধ নহয়। তেওঁলোকৰ এই প্রচেষ্টাই মাজুলীৰ যুৱক-যুৱতীসকলক কৃষিক জীৱিকা হিচাপে ল'বলৈ নতুন সাহস আৰু অনুপ্ৰেৰণা যোগাইছে। এসময়ত বান আৰু খহনীয়াৰ বাবে পৰিচিত মাজুলী আজি চাহ খেতিৰ জৰিয়তে সেউজ বিপ্লৱৰ দিশে আগবাঢ়িছে আৰু তাৰ নেতৃত্ব দিছে দুজন সাধাৰণ কিন্তু অসাধাৰণ ককাই-ভাই তিলক শইকীয়া আৰু দুলাল শইকীয়াই।