ৰিয়ানৰ ৯০ ৰানৰ বিস্ফোৰক ইনিংছ

dainik janambhumi May 02, 2026

ডিজিটেল ডেস্ক : অধিনায়ক ৰিয়ান পৰাগৰ বিস্ফোৰক ৯০ ৰান সত্ত্বেও আই পি এলৰ কালিৰ খেলত দিল্লী কেপিটেলছৰ হাতত ৭ উইকেটত পৰাজিত হয় ৰাজস্থান ৰয়েলছ। প্রথমে বেট ধৰি ৰাজস্থানে ৰিয়ানৰ ৫০ বলত ৯০ ৰানৰ জৰিয়তে ৬ উইকেটত ২২৫ ৰান কৰে। প্ৰত্যুত্তৰত দিল্লীয়ে অ'পেনাৰদ্বয় লোকেশ ৰাহুল (৭৫) আৰু পাথুম নিছাংকাৰ (৬২) আকর্ষণীয় বেটিঙৰ জৰিয়তে ৫টা বল বাকী থকা অৱস্থাত ৩টা উইকেট হেৰুৱাই ২২৬ ৰান কৰি জয় সাব্যস্ত কৰে। ৰাহুল আৰু নিছাংকাৰ মাজত প্রথম উইকেটত সংগৃহীত ১১০ ৰানেৰে দিল্লীয়ে ৩ খন খেলৰ পাছত জয়ৰ মুখ দেখে। 

ত্রিষ্টান ষ্টাবছ (অপঃ ১৮) আৰু আশুতোষ শর্মাই (অপঃ ২৫) অবিজিত ইনিংছ খেলি বাকী কামখিনি সমাধা কৰে। ইয়াৰ আগেয়ে বিয়ান পৰাগৰ অধিনায়কোচিত ৯০ ৰানেৰে ৰাজস্থান ৰয়েলছে ৬টা উইকেট হেৰুৱাই ২২৫ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰিছিল। ড্রেছিং কমত ধূমপান কৰি বিতৰ্কৰে সাঙোৰ খাই পৰা ৰিয়ানে আজি বেট-হাটে সকলো সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে। ৫০টা বলত ৯০ ৰান কৰি দলৰ বাবে বৃহৎ স্ক'ৰৰ ভেটি গড়ে। 

যশস্বী জয়ছোৱাল (৬) আৰু বৈভৱ সূর্যবংশী (৪) আগতীয়াকৈ আউট হ'লেও চলিত আই পি এলত প্রথমটো অর্ধশতৰান পূৰ কৰা ৰিয়ানে তৃতীয় উইকেটত ধ্ৰুৱ জুৰেলৰে (৪২) মিলি ১০২ ৰানৰ যুটি বান্ধি দলীয় স্থিতি মজবুত কৰে। শেষৰ ফালে ডনভান ফেৰেইৰাই অবিজিত ৪৭ ৰানৰ ইনিংছ খেলি দলৰ স্ক'ৰ ২০০ ৰানৰ সীমা পাৰ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Share This