দুজন উদীয়মান খেলুৱৈৰ দুৰ্ঘটনাত মৃত্যুৰ প্রতিক্রিয়া, উত্তপ্ত কাকপথাৰ

dainik janambhumi April 19, 2026

ডিজিটেল ডেস্ক: ৰাজ্যত ৰঙালী বিহুৰ উছাহ-উদ্দীপনাৰ মাজতে কাকপথাৰত শুকুৰবাৰে নিশা সংঘটিত এটা শোকাৱহ পথ দুর্ঘটনাই সমগ্র কাকপথাৰ অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। দুৰ্ঘটনাত কাকপথাৰ অঞ্চলৰ দুই উদীয়মান যুৱক তথা সম্ভাৱনাময় দুই ফুটবল খেলুৱৈৰ প্ৰতিভা অকালতে হেৰাই যায়। 

ঘটনা অনুসৰি কাকপথাৰ চহৰৰ পৰা মাত্র ২ কিল'মিটাৰ নিলগৰ লাজুমৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰৈ থকা কাকপথাৰৰ প্ৰাণজিৎ দাস আৰু তেজিপথাৰ গাঁৱৰ শশাংক মৰাণক ডিৰাক অভিমুখী এ এছ ০১ ভি ০৩৯৯ নম্বৰৰ এখন বলেৰ' বাহনে মহতিয়াই নিয়ে। ঘটনা সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত যুৱকদ্বয়ক চিকিৎসকে মৃত ঘোষণা কৰে। 

ইফালে বলেৰ' বাহনখন জব্দ কৰাৰ লগতে চালকজনক কাকপথাৰৰ আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে চালকজনক এলকহল পৰীক্ষা কৰাত অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ তথ্য পোহৰলৈ আহে। ডিৰাক চাৰিআলিৰ মাইনা দহোটীয়া নামৰ সুৰাপায়ী চালকজনৰ এলকহল ডিটেক্টৰত ১৩৪ বুলি ধৰা পৰে। ইফালে সম্ভাৱনাময় যুৱক দুজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে  কালি বিভিন্ন দল-সংগঠনৰ সহযোগত অঞ্চলটোৰ যুৱকসকল ওলাই আহি পথ অৱৰোধেৰে তীব্র প্রতিবাদ সাব্যস্ত কৰি থানা চাৰিআলিত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ৰাজপথৰ মাজত টায়াৰ জ্বলাই ৰাইজে যুৱক দুজনৰ ন্যায়ৰ দাবীত তীব্র প্রতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদী ৰাইজে ৰাজপথছোৱাত ষ্ট্ৰিট লাইটৰ ব্যৱস্থা কৰা, কাকপথাৰত উন্নতমানৰ চিকিৎসালয় স্থাপন, দোষীক শাস্তি প্রদান, মৃত যুৱকদ্বয়ৰ ন্যায়ৰ লগতে পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে। প্রতিবাদস্থলীত ডুমডুমা সম-জিলা প্রশাসনৰ শীৰ্ষ বিষয়া, সম-জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ প্রতিবাদকাৰীৰ লগতে আলোচনাত মিলিত হয়। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ প্ৰাণজিৎ দাস ফুটবলাৰ হিচাপে কাকপথাৰৰ লগতে তিনিচুকীয়া জিলাখনৰে এক চিনাকি মুখ আছিল। কাকপথাৰ ফুটবল ক'চিং চেণ্টাৰৰ গ'লৰক্ষক তথা খেলুৱৈ আছিল প্রাণজিৎ দাস আৰু শশাংক মৰাণ। যুৱকদ্বয়ৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত কাকপথাৰত ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱা হয়। মৃত যুৱকদ্বয়ক লৈ আজি কাকপথাৰ ক্ৰীড়া সন্থা, ফুটবল ক'চিং চেণ্টাৰ, কাকপথাৰ প্ৰেছ ক্লাব, ক্রীড়া সন্থা, খো-খো সন্থা, আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, টাই আহোম ছাত্র সন্থা, চুতীয়া ছাত্র সন্থা, কলিতা ছাত্র সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন আৰু পৰিষদ, ব্যৱসায়ী সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে শেষ শ্রদ্ধাঞ্জলি জনায়। 

প্রণিধানযোগ্য যে অত্যন্ত দুর্ঘটনাপ্রৱণ কাকপথাৰ-ডিৰাকৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্রায় প্রতিদিনেই সংঘটিত হয় সৰু-বৰ বহু দুর্ঘটনা। অৰুণাচল প্ৰদেশৰ নামচাই জিলাক সংযোগ কৰা এই পথছোৱা মৃত্যুৰ দুৱাৰৰ্ডলিত পৰিণত হৈছে। নিশা হ'লেই উদণ্ড চালকৰ দ্বাৰা উচ্চ প্রাবল্যত শব্দ কৰি, দ্রুতগতিত বাহন চলে। বিগত সময়ত সংঘটিত বহু ঘটনাৰ পাছত প্রশাসনে বিভিন্ন কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিলেও সেয়া উপযুক্ত নহয় আৰু দুর্ঘটনা ৰোধৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন ৰাইজে দাবী উত্থাপন কৰিছে।

Share This