ডিজিটেল ডেস্ক : 'ভাৰত আৰু চীনে ইখনে আনখনক প্রতিদ্বন্দ্বী নহয়, মিত্ৰ ৰাষ্ট্ৰ হিচাপেহে চোৱা উচিত।' নতুন দিল্লীত ভাৰতৰ বৈদেশিক সচিব বিক্রম মিস্ৰি আৰু চীনৰ কার্যবাহী উপ-বিদেশ মন্ত্রী মা ঝাওচোৱাৰ মাজত হোৱা এখন কৌশলগত বৈঠকৰ পাছতে বেইজিঙৰ পৰা প্ৰকাশ কৰা এটা প্ৰেছ বার্তাত এইদৰে উল্লেখ কৰে। বৈঠকত চলিত বৰ্ষত ভাৰতত অনুষ্ঠিত হ'ব লগা ব্রিকছ সম্মিলনৰ লগতে দেশ দুখনৰ দ্বিপাক্ষিক সম্পর্ক, সীমান্তৰ সুস্থিৰতা ৰক্ষা কৰা, বাণিজ্যিক সম্পৰ্ক আৰু অন্যান্য সহযোগিতাৰ সম্পৰ্কতো আলোচনা অনুষ্ঠিত হয়।
এই বৈঠকৰ পাছতে চীন চৰকাৰৰ ফালৰ পৰা প্ৰকাশিত প্ৰেছ বাৰ্তাত উল্লেখ কৰা হৈছে যে দুয়োখন দেশে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি, দেশীয় আৰু বৈদেশিক নীতি আৰু ভাৰত-চীন সম্পৰ্কৰ সন্দৰ্ভত বন্ধুত্বমূলক আৰু গভীৰ আলোচনাত ভাগ লয়।
আন্তঃৰাষ্ট্ৰীয় স্তৰত পৰিস্থিতিৰ পৰিৱৰ্তন হ'লেও দুয়োখন দেশে বন্ধুত্বপূর্ণমূলকভাৱে কাম কৰি যাব বুলি চীনা কর্তৃপক্ষই উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজৰ বন্ধুত্বপূর্ণ সম্পর্কক সাৰোগত কৰি দুয়োখন দেশে গুৰুত্বপূর্ণ বিষয়সমূহত সহযোগিতামূলকভাৱে আগবাঢ়িব লাগে বুলিও বেইজিঙৰ সূত্ৰত প্ৰকাশ।