ৱাংচুকৰ মুক্তিৰ দুদিন পাছতে লাডাখত প্রতিবাদ

dainik janambhumi March 18, 2026

ডিজিটেল ডেস্ক : লাডাখৰ লেহত সোমবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত শশ লোকে শোভাযাত্ৰা বাহিৰ কৰে। ইফালে কার্গিলত বন্ধ পালন কৰা হয়। উল্লেখযোগ্য যে পৰিৱেশকৰ্মী সোণম ৱাংচুক কাৰামুক্ত হোৱাৰ দুদিনৰ পাছতে এই কার্যসূচী গ্রহণ কৰা হয়। 

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত লাডাখত প্রতিবাদ হিংসাত্মক হৈ পৰিছিল। তাৰ পাছত আৰক্ষীৰ গুলীচালনাত ৪জন লোকৰ মৃত্যু হৈছিল। উক্ত ঘটনাৰ পাছত এয়া হৈছে প্রথম প্রতিবাদী শোভাযাত্রা। 

এই শোভাযাত্ৰাৰ আহ্বান জনাইছিল লেহ এপেক্স বডিয়ে (এল এ বি)। আনহাতে, কার্গিল বন্ধৰ আহ্বান জনাইছিল কার্গিল ডেমক্রেটিক এলায়েন্সে (কে ডি এ)। এই দুয়োটা সংগঠনৰ প্ৰধান দাবী হৈছে লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়া আৰু ৰাজ্যখনক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰা। উল্লেখযোগ্য যে ৱাংচুকক প্রায় ছমাহ সময় ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ) অধীনত কাৰাৰুদ্ধ কৰি ৰখা হৈছিল।

Share This