লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি

dainik janambhumi September 07, 2025

ডিজিটেল ডেস্কঃ নিৰাপত্তাৰ ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি দিল্লীৰ লালকিল্লাৰ চৌহদত অনুষ্ঠিত জৈনসকলৰ ধৰ্মীয় এটা অনুষ্ঠানৰ পৰা চোৰে চুৰ কৰি নিলে দুটা সোণৰ কলহকে ধৰি প্ৰায় ১.৫ কোটি টকা মূল্যৰ সামগ্রী। এজন জৈন পুৰোহিতৰ ভেশ লৈ চোৰটো তাত প্ৰৱেশ কৰে আৰু মূল্যৱান সামগ্ৰীসমূহ চুৰ কৰি নিয়ে। চিচি টিভিৰ ফুটেজত এই কথা ধৰা পৰে। 

আৰক্ষীয়ে জনায় যে সন্দেহযুক্ত লোকজনক চিনাক্ত কৰা হৈছে আৰু তেওঁক সোনকালেই গ্রেপ্তাৰ কৰা হ'ব। চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা ডাঙৰ সোণৰ কলহ, হীৰা-পান্না-পদ্মৰাগ খচিত ১১৫ গ্রাম ওজনৰ সৰু এটা সোণৰ কলহ, ৭৬০ গ্রাম ওজনৰ এটা সোণৰ নাৰিকল। এই সামগ্ৰীসমূহ জৈনৰ ধৰ্মীয় আনুষ্ঠানিক কার্যত ব্যৱহৃত হয়। এই সামগ্ৰীসমূহৰ মালিক হৈছে ব্যৱসায়ী সুধীৰ জৈন। ধৰ্মীয় কাৰ্যৰ প্ৰতি দিনেই তেওঁ এইবোৰ সামগ্ৰী লৈ আনিছিল। 

লালকিল্লা চৌহদৰ '১৫ আগষ্ট পার্ক'ত অনুষ্ঠিত দহদিনীয়া 'দশলক্ষণ মহাপর্ব'ত বুধবাৰে এই চুৰি কাৰ্য সংঘটিত হয়। বিশিষ্ট লোকক আদৰণি জনাবলৈ প্রস্তুতি চলোৱাৰ সময়তে চোৰে সামগ্ৰীসমূহ চুৰ কৰি নিয়ে।

Share This