আনন্দ আৰ কে, সুপর্ণা শর্মা, পুলিৎজাৰ বঁটাৰে সন্মানিত দুগৰাকী ভাৰতীয় সাংবাদিক

dainik janambhumi May 06, 2026

ডিজিটেল ডেস্ক: দুগৰাকী ভাৰতীয় সাংবাদিক ক্রমে আনন্দ আৰ কে আৰু সুপর্ণা শর্মাক 'ডিজিটেল ছার্ভিলেন্স' আৰু 'ছাইবাৰ জালিয়াতি'ক লৈ প্রকাশ কৰা অনুসন্ধানমূলক বাতৰিৰ বাবে সন্মানীয় পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে। উল্লেখযোগ্য যে পুলিৎজাৰ বঁটাক সাংবাদিকৰ বাবে নোবেল বঁটা বুলি কোৱা হয়। তেওঁলোকলৈ সোমবাৰে এই বঁটা আগবঢ়োৱা হয় 'ইলাষ্ট্ৰেটেড ৰিপ'টিং এণ্ড কমেন্ট্রি' শাখাত। 

তেওঁলোকে ব্লুমবার্গৰ নতালী অ'বিহকো পিয়েৰছনৰ সৈতে যুটীয়াভাৱে এই বঁটা জয় কৰে। আনন্দ শৰ্মা আৰু পিয়েৰছনে প্রস্তুত কৰা 'ট্রেপড' শীর্ষক এক প্রতিবেদন ব্লুমবার্গত প্রকাশ পাইছিল। তেওঁলোকে যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনত ফটোসহ লক্ষ্ণৌৰ নিউৰ'লজিষ্ট ডাঃ ৰুচিৰা টেণ্ডনৰ কাহিনীৰ বিষয়ে উল্লেখ কৰা হৈছে। 

প্রতিবেদনখনত প্রকাশ পোৱা অনুসৰি ছাইবাৰ অপৰাধীয়ে নিজকে চৰকাৰী বিষয়া বুলি চিনাকি দি ডাঃ টেণ্ডনক প্রায় ছদিন গৃহবন্দী কৰি ৰাখিছিল। এই সময়ছোৱাত তেওঁৰ বেংকৰ একাউণ্টৰ পৰা প্ৰায় ২.৮ কোটি টকা প্ৰৱঞ্চনা কৰি উলিয়াই নিয়ে। পুলিৎজাৰ পুৰস্কাৰ কমিটীয়ে তেওঁলোকলৈ এই বঁটা আগবঢ়াই কয় যে তেওঁলোকৰ প্ৰতিবেদনৰ এই শৃংখলাই 'ডিজিটেল' প্ৰৱঞ্চনা তথা জালিয়াতি আৰু নজৰবন্দীৰ দৰে বিশ্বত বৃদ্ধি পোৱা সমস্যাসমূহ প্ৰভাৱশালীভাৱে উন্মোচিত কৰে। আনন্দ মুম্বাইৰ এজন প্রখ্যাত ইলাষ্ট্ৰেটৰ আৰু ভিজুৱেল আর্টিষ্ট। তেওঁ আগতেও কেইবাটাও পুৰস্কাৰ জয় কৰিছে। 

ইফালে সুপর্ণা শৰ্মা ভাৰতৰ এগৰাকী 'ফ্রীলান্স' সাংবাদিক। তেওঁ দীর্ঘদিন গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্রতিবেদন প্ৰকাশ কৰি আহিছে। এই শাখাত দেবজ্যোত ঘোষাল নামৰ আন এগৰাকী ভাৰতীয় সাংবাদিক ফাইনেলিষ্ট আছিল। তেওঁ অনুসন্ধানমূলক বাতৰিৰ জৰিয়তে দক্ষিণ-পূব এছিয়াত শিপোৱা ছাইবাৰ অপৰাধ আৰু মানৱ সৰবৰাহ নেটৱৰ্ক পোহৰলৈ আনিছিল। বর্তমান বেংককত বাস কৰা দেৱজ্যোতে তেওঁৰ প্রতিবেদনত কেনেকৈ অপৰাধী ভাৰতসহ কেইবাখনো দেশৰ লোকক প্রলোভিত কৰি শিবিৰত আবদ্ধ কৰি ৰাখে আৰু তেওঁলোকৰ জৰিয়তে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনলাইন প্ৰৱঞ্চনা কৰোৱায় সেই কথা উন্মোচিত কৰিছিল।

ইফালে হানয়ত বাস কৰা আন এজন ভাৰতীয় সাংবাদিক অনিৰুদ্ধ ঘোষালে 'ইণ্টাৰনেশ্যনেল ৰিপ'র্টিং' শাখাত পুলিৎজাৰ বঁটা লাভ কৰে। তেওঁ আমেৰিকাৰ সীমান্তত নিৰাপত্তা বাহিনীৰ টহলৰ সময়ত কেনেকৈ বৃহৎ গোপন ছার্ভিলেন্স সঁজুলি ব্যৱহাৰ কৰে সেই বিষয়ে প্রকাশ কৰিছিল। এই সঁজুলিসমূহ ছিলিকন ভেলীত বিকশিত কৰা হয় আৰু পাছত চীনতকৈ অধিক উন্নীত কৰা হয়। চীন আৰু আন দেশসমূহে এই প্রযুক্তি কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে প্রতিবেদনখনত উল্লেখ কৰা হৈছে।

Share This