ডিজিটেল ডেস্ক : ইটালিৰ বেৰগামো প্ৰদেশৰ ক'ভত বৈশাসী উৎসৱৰ উপলক্ষত পূজা-অর্চনা আগবঢ়োৱাৰ বাবে এটা ৱেৰহাউছত সমবেত হোৱাৰ সময়তে দুজন ভাৰতীয় লোকক গুলীয়াই হত্যা কৰে দুষ্কৃতিকাৰীয়ে। স্থানীয় সংবাদ মাধ্যমে দেওবাৰে এই বাতৰি প্ৰকাশ কৰে স্থানীয় লা ছিচিলিয়া বাতৰিকাকতৰ মতে, চহৰখনৰ ইণ্ডাষ্ট্রিয়েল এলেকাৰ মাতা চাহিৰ ৰৌৰ জী গুৰুদ্বাৰাৰ সম্মুখৰ এটা ৱেৰহাউছত শুকুৰবাৰে মাজনিশা এই আক্রমণটো সংঘটিত হয়।
ভুক্তভোগী ভাৰতীয় দুজনক ক'ভৰ বাসিন্দা ৰাগিন্দৰ সিং (৪৮) আৰু আগনাডেল'ৰ বাসিন্দা গুৰমিত সিং (৪৮) বুলি চিনান্ত কৰা হৈছে। দুষ্কৃতিকাৰীয়ে ভাৰতীয় লোক দুজনৰ সমীপলৈ আহি নির্বিচাৰে গুলীচালনা কৰি এখন কাৰেৰে নির্বিঘ্নে পলায়ন কৰে। আৰক্ষীয়ে কৰা প্রাথমিক তদন্ত অনুসৰি, হঠাতে সূত্রপাত হোৱা কাজিয়াই গুলীচালনাৰ পৰ্যায়লৈ ৰূপান্তৰিত হয়।
ঘটনাস্থলীৰ পৰা ১০টা গুলী উদ্ধাৰ কৰাৰ পাছত স্থানীয় কর্তৃপক্ষই কয় যে এয়া হৈছে শীতল মগজুৰে কৰা পূর্ব পৰিকল্পিত হত্যাকাণ্ড। প্রত্যক্ষদর্শীৰ মতে, অচিনাক্ত বন্দুকধাৰীজনো হৈছে এজন ভাৰতীয় আৰু প্ৰায়ে গুৰুদ্বাৰাটোলৈ আহি থাকে। আন এজন প্রত্যক্ষদর্শীৰ মতে, তৃতীয়জন ব্যক্তিৰ দেহতো গুলীৰ আঘাত লাগে। উল্লেখযোগ্য যে যোৱা শনিবাৰে গুৰদ্বাৰাটোত আনুষ্ঠানিকভাৱে বৈশাখী উৎসৱ পালন কৰাৰ সূচী আছিল।