ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে মঙলবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে টেলিফ'নত বার্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই কথা প্রকাশ কৰে। দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে মোদীয়ে ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, 'দুখন মহান গণতন্ত্রই বিশ্বৰ বাবে আশাৰ ৰেঙনি দেখুৱাইছে।' কালি সামাজিক মাধ্যমত দিয়া প'ষ্টত প্রধানমন্ত্রীয়ে কয়, 'ৰাষ্ট্ৰপতি ট্রাম্পক তেওঁৰ ফ'নকল আৰু দীপাৱলীৰ শুভেচ্ছাৰ বাবে ধন্যবাদ। পোহৰৰ এই উৎসৱত আমাৰ দুখন মহান গণতন্ত্রই বিশ্বক আশাৰ ৰেঙনি দেখুৱাইছে আৰু সকলো ধৰণৰ সন্ত্রাসবাদৰ বিৰুদ্ধে দুয়োখন দেশ ঐক্যবদ্ধ।'
আনহাতে ৰাষ্ট্ৰপতি ট্রাম্পে দীপাৱলীৰ বিশেষ উপলক্ষত ভাৰতীয় লোকসকলক শুভেচ্ছা জনায়। ৱাশ্বিংটনৰ হোৱাইট হাউছত দীপাৱলী উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্রহণ কৰি ট্রাম্পে কয় যে তেওঁ ভাৰতৰ লোকসকলক স্নেহ কৰে। তেওঁ প্রধানমন্ত্রী মোদীক প্রশংসা কৰি কয়, 'প্রধানমন্ত্রী মোদী এজন মহান নেতা।' তেওঁ লগতে টেলিফ'নত প্রধানমন্ত্রী মোদীৰ সৈতে কথা পতা বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে ট্রাম্পে হোৱাইট হাউছত বিশেষ অনুষ্ঠানত দীপাৱলী পালন কৰে। এই অনুষ্ঠানটোত ভাৰতীয় সম্প্ৰদায়ৰ আগশাৰীৰ ব্যৱসায়ীসকলো উপস্থিত থাকে। ৱাশ্বিংটনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিন কোৱাত্রা আৰু ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাজিয়' গ'ৰ, এফ বি আইৰ সঞ্চালক কাশ পেটেলো উপস্থিত আছিল। পাছত ট্রাম্পে কয়, 'মই ভাৰতৰ লোকসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই আজি আপোনালোকৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিলোঁ। আমাৰ মাজত যথেষ্ট সৌহার্দ্যপূর্ণ আলোচনা হয়। আমি ব্যৱসায়ৰ সম্পর্কতো কথা পাতিলোঁ... তেওঁ ইয়াত যথেষ্ট আগ্রহ দেখুৱাইছিল। আমি কিছু সময়ৰ আগতে এই কথাও পাতিছিলোঁ যে পাকিস্তানৰ সৈতে কোনো ধৰণৰ যুদ্ধ হ'ব নালাগে। ইয়াত ব্যৱসায়ো আছে, আৰু সেয়েহে মই কথা পাতিলোঁ। আৰু এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত কোনো যুদ্ধ নাই। ই অতি ভাল কথা। তেওঁ এজন মহান ব্যক্তি আৰু বিগত কেইবছৰত মোৰ অতি ভাল বন্ধু হৈ পৰিছে। কিছু সময়ৰ পাছতে মই বন্তি প্রজ্বলন কৰিম, যি আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ, অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞান আৰু বেয়াৰ বিৰুদ্ধে ভালৰ জয়ৰ প্ৰতীক। উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া প'ষ্টটোত তেওঁলোকৰ মাজত কি আলোচনা হৈছিল সেই কথা প্রকাশ কৰা নাছিল। ট্রাম্পে দাবী কৰা মতে দুয়ো পাকিস্তানৰ প্ৰসংগত আলোচনা কৰিছিল নেকি বুলি সোধা উত্তৰত বিদেশ মন্ত্ৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয়, 'ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কক লৈ মোদী আৰু ট্রাম্পৰ মাজত কোনো ধৰণৰ আলোচনা হোৱা নাছিল।'
ইফালে ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে তেওঁ ২৬ অক্টোবৰৰ পৰা হ'বলগীয়া আছিয়ান শীর্ষ সন্মিলনত অংশগ্রহণ কৰিব আৰু তেতিয়াই প্রধানমন্ত্রী মোদীৰ সৈতে আলোচনাত মিলিত হোৱাৰ আশা কৰিছে। ইফালে ভাৰত আৰু আমেৰিকা বাণিজ্য চুক্তিত উপনীত হোৱা বুলি 'দ্য মিন্টে' এটা বাতৰিত প্রকাশ কৰে। বাতৰিটোত উল্লেখ কৰা মতে এই চুক্তিৰ অধীনত আমেৰিকাই ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্ক ৫০%ৰ পৰা ১৫-১৬%লৈ হ্রাস কৰিব। এই বিষয়ে আছিয়ান শীর্ষ সন্মিলনত ট্রাম্প আৰু মোদীয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। অৱশ্যে চৰকাৰী সূত্ৰই এই বাতৰি অগ্রাহ্য কৰে। সূত্ৰটোৱে এই বাতৰিক কল্পনাপ্রসূত বুলি উল্লেখ কৰি কয় যে এতিয়ালৈকে বাণিজ্য চুক্তিক লৈ দুয়োখন দেশৰ মাজত চূড়ান্তভাৱে ঐকমত্যত উপনীত হোৱা নাই আৰু আলোচনা অব্যাহত আছে।