ডিজিটেল ডেস্ক : ছট্টিশগড়ৰ মাওবাদী অধ্যুষিত বাষ্টাৰৰ অন্তিমজন শীর্ষ মাওবাদী নেতা হিচাপে গন্য কৰা পাপা ৰাওৱে মঙলবাৰে ১৬ জন সহযোগী সহ বীজাপুৰত অস্ত্ৰ সম্বৰণ কৰে। মাওবাদ নির্মূল কৰাৰ বাবে কেন্দ্ৰই লোৱা ৩১ মাৰ্চৰ সময়সীমাৰ পূৰ্বে নিৰাপত্তা বাহিনীৰ বাবে এয়া এক ডাঙৰ সফলতা হিচাপে অভিহিত হৈছে।
উল্লেখযোগ্য যে মাংগু দাদা, সুধাকৰ আদি উপনামেৰে জনাজাত ফাপা ৰাও চিপি আই(মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰো সদস্য আছিল। দণ্ডকাৰন্য অঞ্চলত দপদপাই থকা বাওঁপন্থী উগ্রপন্থী নেতাজনৰ মূৰৰ বিনমিয়ত ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষনা কৰা আছিল। পাপা ৰাওৰ পত্নী তথা শীর্ষ মাওবাদী নেত্রী উর্মিলাৰ যোৱা বছৰ বীজাপুৰত নিৰাপত্তা বাহিনীৰে সংঘর্ষত মৃত্যু হৈছিল। মঙলবাৰে পাপা ৰাওৰ লগতে আত্ম সমর্পনকাৰী মাওবাদী নেতা-সদস্য সকলে বৃহৎ পৰিমানপ অস্ত্র-শস্ত্রও জমা দিয়ে। ওড়িশা, মহাৰাষ্ট্ৰ আৰু ছট্টিশগড়ত কেইবাটাও এম্বুশ্বত পাপা ৰাও জড়িত আছিল।
ইফালে ওড়িশাটো মঙলবাৰে এগৰাকী 'মষ্ট ৱান্টেড' মাওবাদী নেতাই চাৰি সহযোগীসহ আত্মসমর্পন কৰে। ওড়িশা আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান সঞ্জীৱ পাণ্ডাই কয় যে কান্ধামাল জিলাতমঙলবাৰে পাঁচজন মাওবাদীয়ে অস্ত্র-সম্বৰণ কৰে। ইয়াৰ ভিতৰত ৰাজ্যখনৰ শীৰ্ষ কামণ্ডাৰ শুক্রও আছে। শুক্রুৰ মূৰৰ বিনিময়ত ৫৫ লাখ টকাৰ পুৰস্কাৰ ঘোষনা কৰা আছিল।