উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্র্য গৱেষণাত নতুন দিগন্তৰ সূচনা, মিজোৰামত প্ৰথমবাৰৰ বাবে দুটা নতুন প্ৰজাতিৰ বাদুলি চিনাক্ত

dainik janambhumi July 11, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ বন্যপ্রাণী গৱেষণাৰ ক্ষেত্রত এক উল্লেখযোগ্য সাফল্য হিচাপে বিজ্ঞানীসকলে মিজোৰামত প্ৰথমবাৰৰ বাবে দুটা নতুন প্ৰজাতিৰ বাদুলিৰ উপস্থিতি নিশ্চিত কৰিছে। এই আৱিষ্কাৰে দক্ষিণ-পূব এছিয়াৰ এই দুয়োটা স্তন্যপায়ী প্ৰজাতিৰ বিস্তৃতি দক্ষিণ এছিয়ালৈ সম্প্ৰসাৰিত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ কিন্তু এতিয়াও সম্পূর্ণরূপে অন্বেষণ নোহোৱা জৈৱ-বৈচিত্র্যৰ প্ৰতি পুনৰ দৃষ্টি আকর্ষণ কৰিছে। 

শ্বিলংস্থিত ভাৰতীয় প্রাণীবৈজ্ঞানিক জৰীপ (জেড এছ আই)ৰ গৱেষকসকলৰ নেতৃত্বত ভাৰতৰ আন কেইবাটাও গৱেষণা প্ৰতিষ্ঠান আৰু হাঙ্গেৰিয়ান নেচাৰেল হিষ্ট্রী মিউজিয়ামৰ বিজ্ঞানীসকলৰ সহযোগত সম্পন্ন হোৱা এক অধ্যয়নত মিজোৰামত Glischropus bucephalus (ইণ্ডো-চাইনিজ থিক-থাম্বড বেট) আৰু Myotis indochinensis (ইণ্ডো-চাইনিজ মাউছ-ইয়ার্ড বেট)-ৰ উপস্থিতি নিশ্চিত কৰা হৈছে। গৱেষণাৰ ফলাফল Animal Taxonomy and Ecol-ogy নামৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনীত প্রকাশ পাইছে। 

২০২৩ চনৰ পৰা ২০২৫ চনলৈ মিজোৰামৰ বিভিন্ন অঞ্চলত চলোৱা বিস্তৃত ক্ষেত্র সমীক্ষাৰ সময়ত এই প্রজাতিদ্বয় চিনাক্ত কৰা হয়। আকৃতিগত বৈশিষ্ট্য, আণবিক জিনীয় বিশেষণ আৰু ইক'ল'কেশ্যন অধ্যয়নৰ জৰিয়তে প্রজাতিসমূহৰ পৰিচয় নিশ্চিত কৰা হৈছে। গৱেষণা অনুসৰি, পূর্বে কেৱল কম্বোডিয়া, ভিয়েটনাম, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা Glischropus bucephalus মিজোৰামৰ ছেৰছিপ জিলাৰ চিয়াহটলাঙত লিপিবদ্ধ কৰা হৈছে। আনহাতে, ভিয়েটনাম, লাওছ আৰু দক্ষিণ চীনত সীমাবদ্ধ বুলি ধৰা Myotis indochinensis মিজোৰামৰ ৰেইএক অঞ্চলত পোৱা গৈছে। ইয়াৰ ফলত এই দুয়োটা প্ৰজাতিৰ বিস্তৃতি ক্রমে প্রায় ৬৭০ কিল'মিটাৰ আৰু ১, ৩০০ কিল'মিটাৰ পশ্চিমলৈ সম্প্ৰসাৰিত হৈছে। মুখ্য গৱেষক ড° উত্তম শইকীয়াই কয় যে ভাৰতীয় আৰু দক্ষিণ-পূব এছিয়াৰ জৈৱ-ভৌগোলিক অঞ্চলৰ সংযোগস্থল হিচাপে উত্তৰ-পূৰ্বাঞ্চলত এতিয়াও বহু অচিনাক্ত প্রজাতি আৰু নতুন বিস্তৃতিৰ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে অঞ্চলটোত নিয়মীয়া জৈৱ-বৈচিত্র্যৰ সমীক্ষা অব্যাহত ৰখা অতি প্রয়োজনীয়। 

গৱেষণাখনত লগতে উল্লেখ কৰা হৈছে যে ভাৰতত স্তন্যপায়ী প্রাণীৰ ৩০ শতাংশতকৈ অধিক বৈচিত্র্য বাদুলিৰ মাজতে থাকিলেও এই গোটটোৱেই দেশৰ আটাইতকৈ কম অধ্যয়ন কৰা স্তন্যপায়ী প্রাণীৰ অন্যতম। এই নতুন আৱিষ্কাৰৰ ফলত ভাৰতত এতিয়ালৈকে চিনাক্ত হোৱা বাদুলিৰ মুঠ প্ৰজাতিৰ সংখ্যা কমেও ১৩৮-লৈ বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে, এই আৱিষ্কাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলসমূহৰ সংৰক্ষণৰ গুৰুত্ব অধিক শক্তিশালী কৰাৰ লগতে বিশ্ব জৈৱ-বৈচিত্র্য গৱেষণাত অঞ্চলটোৰ তাৎপর্যও পুনৰ প্ৰতিষ্ঠা কৰিছে।

Share This