ডিমা হাছাও জিলাত প্ৰচণ্ড ভূমিস্খলনত দুজন লোকৰ মৃত্যু

Kakali Deka July 16, 2025

ডিজিটেল ডেস্ক: ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাংৰুম অঞ্চলত হোৱা প্ৰচণ্ড ভূমিস্খলনত প্ৰায় ৭০ বছৰ বয়সৰ এজন বৃদ্ধ নিহত হোৱাৰ উপৰি পাহাৰ কটাত নিয়োজিত এস্কেভেটৰৰ চালকজন নিহত  হোৱাৰ বাতৰি আহিছে। 

ভূমিস্খলনত নিহত হোৱা এস্কেভেটৰৰ চালকজন হৈছে লখিমপুৰৰ বাসিন্দা ফেৰণ টিগা। ভূমিস্খলনৰ ফলত পাহাৰৰ ওপৰৰ পৰা মাটিৰ সৈতে এস্কেভেটৰখন তললৈ পৰি যোৱাৰ ফলত মৃত্যু হয় এস্কেভেটৰৰ চালকজনৰ। এই কথা নিৰ্মাণ সংস্থাই জানিবলৈ দিয়ে। ভূমিস্খলনত নিহত হোৱা অন্যজন হৈছে হুয়াজেনগামবে নৃয়ামে।  এই ভূমিস্খলনৰ ফলতে  ৯ জন লোক গুৰুতৰভাৱ আহত হয়। 

ইয়াৰ উপৰি ভূমিস্খলনৰ ফলত পথৰ কাষত থকা পাঁচখন দোকান ভাঙি পৰে। আজি প্ৰায় ৯-৩০ বজাৰ পৰা ১০ মান বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা। সূত্ৰ অনুসৰি ভাৰতমালাৰ অধীনত অনুষা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাই পথ নিৰ্মাণৰ বাবে মাটি কটাৰ কামত নিয়োজিত হৈ থকাৰ সময়তে হঠাতে ভূমিস্খলন সংঘটিত হয়। যাৰ ফলত এগৰাকী বৃদ্ধ নিহত হোৱাৰ উপৰি আহত হোৱা ৯ জন লোকৰ ভিতৰত চাৰিজন লোক নিৰ্মাণ সংস্থাৰ বুলি জানিব পৰা গৈছে। 

ইপিনে ভূমিস্খলনত আহত হোৱা লোকসকলক যিখন বাহনত  হাংৰুমৰ পৰা হাফলঙলৈ নিয়া হৈছিল¸ সেই বাহনখন দুৰ্ঘটনাৰ কবলত পৰে¸ যাৰ ফলত বাহনখনৰ চালকজন আহত হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিমা হাছাও জিলাৰ মাহুৰৰ পৰা মণিপুৰৰ তামেংলঙলৈকে ভাৰতমালাৰ অধীনত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। এন এইচ আই ডি চি এল-ৰ অধীনত এই চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম কৰিছিল অনুষা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাই।  যোৱা ৰাতি প্ৰচণ্ড বৰষুণ হোৱাৰ বাবে  আজি পুৱা নিৰ্মাণ সংস্থাটোৱে হাংৰুমত বজাৰ এলেকাৰ ওচৰতে থকা এখন পাহাৰত জে চি বি লগাই মাটি  কটাৰ সময়তে প্ৰচণ্ড ভূমিস্খলন সংঘটিত হয় আৰু ইয়াৰ ফলতে দুজন লোক নিহত হোৱাৰ উপৰি ৯ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে।

Share This