বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত অসমৰ দুই অধ্যাপক

dainik janambhumi October 11, 2025

ডিজিটেল ডেস্কঃ বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে দুগৰাকী অসম সন্তানে। ষ্টেনফ'র্ড বিশ্ববিদ্যালয়ে প্রকাশ কৰা বিশ্বৰ শীর্ষ ২ শতাংশ বিজ্ঞানীৰ শেহতীয়া তালিকাত অন্তর্ভুক্ত হৈছে অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ দুগৰাকী অধ্যাপক। বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা এন এ এ চিৰ সমন্বয়ক অধ্যাপক কে জি ভট্টাচাৰ্যক পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত এই তালিকাত অন্তর্ভুক্ত কৰা হৈছে।

আনহাতে, একেখন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অব্ ফাৰ্মাচীৰ অধ্যক্ষ অধ্যাপক ৰাজা চক্ৰৱৰ্তীক চিকিৎসা আৰু জৈৱ আণৱিক ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত অন্তর্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে বিগত ২০২০ চনৰ পৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত ধাৰাবাহিকভাৱে অন্তর্ভুক্ত হৈ আহিছে অধ্যাপক কে জি ভট্টাচাৰ্যৰ নাম। এই কৃতিত্বৰ সন্দৰ্ভত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ড° জোচ পালেলিয়ে কয়, 'আমাৰ অধ্যাপক দুগৰাকীৰ এই কৃতিত্বৰ বাবে আমি অতিশয় গৌৰৱান্বিত। অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ এটা মূল লক্ষ্য হৈছে সমাজকেন্দ্রিক গৱেষণাক প্ৰসাৰিত কৰা।

আমি বিশ্ববিদ্যালয়খনত এনে এক গৱেষণাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্রতিশ্রুতিবদ্ধ, য'ত কেৱল শিক্ষক বা গৱেষকসকলেই নহয়, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলেও গৱেষণাৰ প্ৰতি উৎসাহী হ'ব। আমাৰ স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ কিছুসংখ্যকে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আলোচনীত নিজ নিজ বিষয়ত গৱেষণা- পত্ৰ প্ৰকাশ কৰিছে। এয়া আমাৰ বাবে এক বৃহৎ আনন্দৰ কথা আৰু বিশ্ববিদ্যালয়খনৰ গৱেষণা পৰিৱেশৰ উজ্জ্বল প্রমাণ।'

Share This