ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ থানেৰ মীৰা ৰ'ডত দুজন ছিকিউৰিটি গার্ডক তেওঁলোকৰ ধৰ্ম সুধি ছুৰীৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱাৰ পাছত সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে। মঙলবাৰে মুম্বাই আৰক্ষীয়ে মীৰা ৰ'ডৰ পৰা এটা ৩১ বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত আক্রমণকাৰীটোৱে ছিকিউৰিটি গার্ড দুজনক প্ৰথমতে তেওঁলোকৰ ধৰ্মৰ বিষয়ে প্রশ্ন কৰে আৰু তাৰ পাছত 'কলমা' (ইছলামৰ প্ৰতি আস্থাৰ ঘোষণা) পঢ়িব পাৰিব নে নাই সোধে।
গার্ড দুজনে এই ক্ষেত্রত অসন্মতি প্ৰকাশ কৰাত তেওঁলোক দুজনক ছুৰীৰে আক্ৰমণ কৰে অভিযুক্তটোৱে। অভিযুক্তটোক জুবেৰ আনছাৰী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। অভিযুক্ত জুবেৰে আইছিছৰ আদৰ্শৰ ভিডিঅ' প্রায়ে চাই থাকে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মীৰা ৰ'ডৰ নয়া নগৰ এলেকাত সোমবাৰে পুৱা এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। এই আক্ৰমণৰ ঘটনাত সুব্রত সেন আৰু ৰাজকুমাৰ মিশ্ৰ নামৰ দুজন ছিকিউৰিটি গার্ড আহত হয়।
ৰাজকুমাৰ মিশ্ৰৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে, পহলগাম-কাণ্ডৰ দৰে সাদৃশ্য থকা এই আক্ৰমণটোৰ পাছত মুম্বাই সন্ত্রাসবাদী-বিৰোধী স্কোৱাড (এ টি এছ) সক্রিয় হৈ উঠিছে। মুম্বাই এ টি এছে ইতিমধ্যে ঘটনাটোৰ বিষয়ত তদন্ত আৰম্ভ কৰিছে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিছে ঘোষণা কৰিছে যে এই ঘটনাৰ সৈতে জড়িত অপৰাধীয়ে কঠোৰ শাস্তি পাব।