আমেৰিকাৰ দুই গৱেষকলৈ অৰ্থনীতিৰ নোবেল বঁটা

dainik janambhumi October 13, 2026

ডিজিটেল ডেস্ক : এই বছৰৰ অৰ্থনীতিৰ নোবেল পুৰস্কাৰ আমেৰিকাৰ অৰ্থনীতিবিদদ্বয় ক্রমে ৰবাৰ্ট ই হল আৰু মাইকেল উডফ'ৰ্ডলৈ আগবঢ়োৱা হৈছে। তেওঁলোকে দাম বৃদ্ধি কিয় হয়, আর্থিক মন্দাৱস্থাই চাকৰিত কেনে ধৰণৰ প্ৰভাৱ পেলায়, অর্থনৈতিক সংকটৰ সময়ত চৰকাৰ আৰু কেন্দ্ৰীয় বেংকে কেতিয়া আৰু কেনে ধৰণৰ পদক্ষেপ গ্রহণ কৰিব লাগে-এই প্রশ্নসমূহৰ উত্তৰ সন্ধান কৰাৰ বাবে এই বঁটাৰে সন্মানিত কৰা হয়। অর্থনীতিক শক্তিশালী কৰা নীতিসমূহৰ তাত্ত্বিক ভেটি শক্তিশালী কৰাৰ বাবে। তেওঁলোকৰ গৱেষণাই বিশ্বৰ বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহ আৰু চৰকাৰসমূহে অর্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰাৰ উন্নত উপায়ৰ সন্ধান লাভ কৰে।

উল্লেখযোগ্য যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহে সূতৰ হাৰ সংশোধন কৰে আৰু চৰকাৰসমূহে বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰে। কিন্তু কেনে ধৰণৰ পৰিস্থিতিত কেনে ধৰণৰ পদক্ষেপ গ্রহণ কৰিব লাগে আৰু ইয়াৰ প্ৰভাৱ অর্থনীতিত কেনেদৰে পৰে,
এই প্ৰশ্নৰ সৈতে ৰবাৰ্ট হল আৰু মাইকেল উডফ'ৰ্ডৰ গৱেষণাৰ সম্পৰ্ক আছে। দুয়োজন অর্থনীতিবিদে এনেধৰণৰ এক অর্থনৈতিক মডেল বিকশিত কৰাত অৱদান আগবঢ়ায়, যাৰ জৰিয়তে পৰিয়াল আৰু কোম্পানীসমূহৰ সিদ্ধান্তই সম্পূর্ণ অৰ্থনীতিত কেনেদৰে প্ৰভাৱ পেলায় সেইটো বুজি পোৱাত সহায় কৰে।

মানুহে কিমান ব্যয় কৰিব, কিমান সঞ্চয় কৰিব আৰু কোম্পানীসমূহে বিনিয়োগৰ ক্ষেত্ৰত কেনে ধৰণৰ সিদ্ধান্ত লয়, এই সকলোবোৰৰ উৎপাদন, চাকৰি আৰু দামবৃদ্ধিত প্রভাৱ পেলায়। এই সিদ্ধান্তসমূহ বুজি নোপোৱাকৈ কেৱল সুতৰ হাৰ বা চৰকাৰী ব্যয় সালসলনি কৰিলেই সমস্যাৰ সমাধান নহ'বও পাৰে। অর্থনীতিবিদ দুজনৰ গৱেষণাই নীতি প্ৰস্তুত কৰাসকলক অর্থনৈতিক পৰিৱৰ্তনৰ প্ৰভাৱ কেনে ধৰণেৰে পৰে আৰু নেতিবাচক প্রভাৱ হ্রাস কৰাৰ বাবে কেতিয়া হস্তক্ষেপ কৰিব লাগে সেইটো বোধগম্য কৰিছে। ইফালে চৰকাৰসমূহে অর্থনীতিক শক্তিশালী কৰাৰ বাবে কিমান ব্যয় কৰিব লাগে আৰু কেনে ধৰণৰ ব্যয়ত অগ্রাধিকাৰ দিব লাগে- সেই দিশতো হ'ল আৰু উডফ'ৰ্ডৰ অর্থনৈতিক মডেলে এনে ধৰণৰ সিদ্ধান্তৰ পাছত কাম কৰি থকা অর্থনৈতিক তত্ত্বসমূহ শক্তিশালী কৰিলে। ইয়াৰ জৰিয়তে নীতি প্রস্তুত কৰাসকলে অর্থনৈতিক সংকটৰ সময়ত কোনটো পদক্ষেপ উপযোগী হয় সেই কথা বুজাতো সহায় কৰিব। 

উল্লেখযোগ্য যে যেতিয়া উপভোক্তাই ব্যয় হ্রাস কৰিবলৈ লয় তেতিয়া বজাৰত সেৱা আৰু সামগ্ৰীৰ চাহিদা হ্রাস পাবলৈ ধৰে। এনে অৱস্থাত কোম্পানীসমূহে উৎপাদন হ্রাস কৰিবলৈ বাধ্য হ'ব পাৰে। ইয়াৰ ফলত নতুন কৰ্মচাৰী নিযুক্তিত প্ৰভাৱ পৰিব পাৰে আৰু একাংশ কৰ্মচাৰীক চাটাই কৰিব লগা হ'ব পাৰে। পৰিয়ালসমূহে নিজৰ উপাৰ্জন আৰু ভৱিষ্যতক আশাৰ ভিত্তিত নিজৰ ব্যয় নির্ধাৰণ কেনেকৈ কৰে সেই কথা বুজাত ৰবাৰ্ট হলৰ গৱেষণাই সহায় কৰে। মানুহে নিজৰ আয় হ্রাস পোৱাৰ আশংকা কৰিলে তেনে অৱস্থাত তৎক্ষণাৎ ব্যয় হ্রাস কৰাৰ সিদ্ধান্ত ল'ব পাৰে আৰু একেলগে বহুত পৰিয়ালে এনে সিদ্ধান্ত ল'লে সমগ্র অর্থনীতিত ইয়াৰ প্ৰভাৱ পৰে। ইফালে মানুহে অধিক ব্যয় কৰিলেই মুদ্রাস্ফীতি বৃদ্ধি নহয়। কোম্পানীসমূহৰ সিদ্ধান্ত আৰু ভৱিষ্যতক লৈ তেওঁলোকৰ আশাই ইয়াৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদাহৰণ স্বৰূপে যদি কেঁচা মাল, শক্তি আৰু আন সামগ্রীসমূহত ব্যয় বৃদ্ধি পোৱা বুলি কোম্পানীসমূহে গণ্য কৰে তেতিয়া তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰীৰ দাম আগতেই বৃদ্ধি কৰিব পাৰে। ভালেমান কোম্পানীয়ে চাহিদা হ্রাস পোৱাৰ পাছতো দাম তৎক্ষণাৎ হ্রাস নকৰে, কিয়নো বাৰে বাৰে দাম সংশোধন কৰাত সময় আৰু ধন ব্যয় হয়। মাইকেল উডফ'ৰ্ডৰ মডেলে কোম্পানীসমূহৰ দাম নির্ধাৰণ কৰাৰ সিদ্ধান্ত আৰু ভৱিষ্যতক লৈ তেওঁলোকৰ আশাই মুদ্রাস্ফীতিক কেনেদৰে প্ৰভাৱিত কৰে সেই কথা বুজি পোৱাত সহায় কৰে। ইয়াৰ লগতে সুতৰ হাৰ সলনি কৰিলে দামত কেনে ধৰণৰ প্ৰভাৱ পেলাই কেন্দ্রীয় বেংকসমূহক সেই কথা বুজাতো সহায় কৰে। উডফ'ৰ্ডে ২০০৩ চনত প্রকাশিত তেওঁৰ গ্ৰন্থ নিউ কেইনেছিয়ানত এই আর্থিক মডেলৰ বিস্তাৰিতভাৱে ব্যাখ্যা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিছ একাডেমি অব্ ছায়েন্সেজে ষ্টকহমত দুয়োজন অর্থনীতিবিদক নোবেল পুৰস্কাৰেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰি কয় যে তেওঁলোকে 'মেক্রইক'নমিক ষ্টেহিলাইজেশ্যন'ৰ মাইক্ৰ'নমিক ভিত্তিসমূহলৈ আগবঢ়োৱা অৱদানৰ বাবে এটা সন্মান আগবঢ়োৱা হৈছে। ৰবাৰ্ট ই হল আমেৰিকাৰ ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক। আনহাতে উডফ'র্ড কলম্বিয়া বিশ্ববিদ্যালয়ত ৰাজনৈতিক অর্থব্যৱস্থাৰ অধ্যাপক। 

উল্লেখযোগ্য যে অৰ্থনীতিৰ নোবেল বঁটা ছুইডেনৰ কেন্দ্ৰীয় বেংকে ১৯৬৮ চনৰ পৰা আলফ্রেড নোবেলৰ স্মৃতিত দিবলৈ আৰম্ভ কৰে। দুয়োজনকে ১.২ কোটি ছুইডিছ ক্ৰনৰ অৰ্থাৎ ১১.৫ কোটি টকা সমানে ভগাই দিয়া হ'ব।

Share This