ডিজিটেল ডেস্ক : আহমেদাবাদৰ শিহৰণকাৰী দুৰ্ঘটনাত পতিত এয়াৰ ইণ্ডিয়াৰ বিমানখনত আছিল উত্তৰ-পূবৰ দুগৰাকী যুৱতী। অভিশপ্ত বিমানখনত থকা এগৰাকী যুৱতীৰ ঘৰ হৈছে মণিপুৰত আৰু আনগৰাকীৰ ঘৰ হৈছে মিজোৰামত। দুয়োগৰাকী এয়াৰ ইণ্ডিয়াৰ বিমানখনত কেবিন ক্রু হিচাপে কৰ্মৰত আছিল।
জানিব পৰা মতে, মণিপুৰৰ থৌবালৰ নানথই শর্মা কংব্রেইলাটপাম নামৰ ২১ বছৰীয়া যুৱতীগৰাকীয়ে বিগত দুটা বৰ্ষ ধৰি এয়াৰ ইণ্ডিয়াত কেবিন ক্রু হিচাপে কাম কৰি আছিল। তেওঁ বৃহস্পতিবাৰে পুৱা ১ মান বজাতো মাকলৈ ফ'ন কৰিছিল। কংব্রেইলাটপাম মেইতে সম্প্ৰদায়ৰ যুৱতী।
আনহাতে, লামনুথিয়েম ছিংছন নামৰ মিজোৰামৰ যুৱতীগৰাকীয়ে কিছুদিনৰ পূৰ্বেহে এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল। তেওঁ কুকি সম্প্ৰদায়ৰ যুৱতী আছিল। দুয়োগৰাকী যুৱতীয়েই শোকাৱহ বিমান দুর্ঘটনাটোত নিহত হৈছে। নিহত দুয়োগৰাকী যুৱতীৰ ঘৰতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।