শ্রীলংকাৰ ই-মেইলৰ পাছত ইউ-টার্ন, ভাৰতৰ বিৰুদ্ধে খেলিব পাৰে পাকিস্তানে

dainik janambhumi February 08, 2026

ডিজিটেল ডেস্ক: আই চি চি টি-২০ বিশ্ব কাপত ভাৰতৰ বিৰুদ্ধে মেচ বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছৰে পৰাই বিভিন্ন মহলৰ পৰা চাপৰ সন্মুখীন হৈছে পাকিস্তান। আই চি চিৰ সতর্কবাণীৰ লগতে শ্রীলংকায়ো পৰোক্ষভাৱে পত্রযোগে ভাবুকি দিছে। এই পৰিস্থিতিৰ পাছত পাকিস্তান ক্রিকেট ব'ৰ্ডে (পি চিবি) পুনৰ দেশৰ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'বলৈ আগবাঢ়িছে। 

পি চি বিৰ এক সূত্ৰই জনোৱা মতে, পাকিস্তানে সদায় শ্রীলংকাৰ সৈতে অতি ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। সেয়া চৰকাৰী পৰ্যায়তে হওক অথবা ক্ৰিকেটৰ পথাৰত। গতিকে, শ্রীলংকাৰ ই-মেইল ইমান সহজে আওকাণ কৰিব নোৱাৰি। শ্রীলংকা ক্রিকেট ব'ৰ্ডৰ সভাপতি শম্লি ছিলভাই পাক ব'ৰ্ডৰ অধ্যক্ষ মহচিন নকভীৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিল যে মেচ অনুষ্ঠিত নহ'লে শ্রীলংকাৰ টিকট বিক্ৰী আৰু অন্যান্য খণ্ডত বহুত ক্ষতিগ্রস্ত হ'ব।' খবৰ অনুসৰি নকভীয়ে চৰকাৰৰ সৈতে কথা পাতিব আৰু ইয়াৰ প্ৰতিক্রিয়া প্রকাশ কৰিব বুলি আশ্বাস দিছে। তেওঁ লগতে দাবী কৰে যে পাকিস্তানে শ্রীলংকাৰ অনুৰোধ নাকচ কৰাৰ খবৰটো মিছা। সূত্ৰটোৱে কয়, 'ভাৰতৰ মেচ বৰ্জনৰ সন্দৰ্ভত শ্রীলংকাৰ পৰা অহা ই-মেইলৰ প্ৰসংগত নকভীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব। এই বিষয়ত সোমবাৰৰ ভিতৰত সিদ্ধান্ত লোৱা হ'ব।' 

উল্লেখযোগ্য যে যোৱা নৱেম্বৰত শ্রীলংকাই পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়ত একাংশ ক্রিকেটাৰ নিৰাপত্তাজনিত কাৰণত স্বদেশলৈ উভতি যাব বিচাৰিছিল। কিন্তু শ্রীলংকা ব'র্ডে খেলুৱৈসকলক স্পষ্ট সতর্কবাণী দিছিল আৰু সমগ্র শৃংখলা পাকিস্তানত খেলিবলৈ নির্দেশ দিছিল। ইয়াৰ ফলত পাকিস্তানে এইবাৰ শ্ৰীলংকাৰ অনুৰোধ নাকচ কৰাৰ কোনো সম্ভাৱনা নাই।'

Share This