ডিজিটেল ডেস্কঃ এগৰাকী ৰেপিড’ ড্ৰাইভাৰৰ মহানুভৱতাক লৈ সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে৷ বিকাশ নামৰ ৰেপিড’ ড্ৰাইভাৰগৰাকীয়ে তেওঁৰ কেবত এগৰাকী গৰ্ভৱতী মহিলাক সন্তান জন্ম দিয়াত সহায় কৰে৷ এতিয়া অনলাইন জগতত তেওঁক নায়ক বুলি প্ৰশংসা কৰিছে সকলোৱে৷
এই অবিশ্বাস্য কাহিনীটো ৰেপিড'ত শ্বেয়াৰ কৰিছিল সেইজন ব্যক্তিয়ে যিয়ে নিজৰ ৰান্ধনী আৰু তেওঁৰ গৰ্ভৱতী পত্নীৰ বাবে ৰাইড বুকিং কৰিছিল৷ পোষ্টটোৰ মতে বিকাশে গাড়ীৰে দুয়োকে চিকিৎসালয়লৈ লৈ গৈ থকা অৱস্থাত মহিলাগৰাকীৰ হঠাতে প্ৰসৱ বেদনা আৰম্ভ হয়। বিকাশে দ্ৰুতগতিত কাৰ্যত নামি পৰিল, মহিলাগৰাকীক প্ৰসৱত সহায় কৰিলে আৰু লগে লগেই তেওঁলোকক চিকিৎসালয়ত থৈও আহিল৷
ৰেপিড'ত ৰোহণ মেহৰা নামৰ ব্যক্তিগৰাকীয়ে লিখিছে যে "আজি মই মোৰ ৰান্ধনীৰ বাবে ৰেপিড' বুকিং কৰিলোঁ কাৰণ তেওঁৰ পত্নী গৰ্ভৱতী আছিল। ড্ৰাইভাৰগৰাকীয়ে প্ৰকৃত মানুহ হিচাপে মহানুভৱতা দেখুৱালে। হস্পিটেললৈ যোৱাৰ সময়ত তেওঁৰ বহুত কষ্ট হৈছিল আৰু বিষটো সহ্য কৰিব পৰা নাছিল, সেয়েহে গাড়ীতে ল'ৰাটো প্ৰসৱ কৰিছিল। ড্ৰাইভাৰে তেওঁক কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰিছিল আৰু পাছত তেওঁলোকক চিকিৎসালয়লৈ লৈ গৈছিল। আনকি তেওঁ ভাড়া সেই পৰিমাণেই লৈছিল যিটো এপত দেখা গৈছিল অতিৰিক্ত ধনো বিচৰা নাছিল।"
পোষ্টটোত তেওঁ লগতে লিখিছে যে, "এই মহান কৰ্মৰ বাবে আমি ড্ৰাইভাৰজনৰ বাবে কিবা এটা কৰিব বিচাৰিছোঁ কিন্তু ৰাইড শেষ হোৱাৰ পাছত আমি তেওঁৰ নম্বৰ বিচাৰি নাপালোঁ কাৰণ আমি তেওঁক আগতে ফোন কৰা নাছিলো। মই ৰেপিড' আৰু পৱন গুণ্টুপাল্লীক অনুৰোধ কৰিব বিচাৰিছো যে আমাক সেই ড্ৰাইভাৰজনৰ ওচৰলৈ যাবলৈ সহায় কৰক। তেওঁৰ নাম আছিল বিকাশ আৰু মই ৰাইডৰ সবিশেষ তলত দিছো।"