অণুপ্ৰেৰণা! এগৰাকী বৃদ্ধ চিংৰা বিক্ৰেতাৰ কৰ্মোদ্যম ছচিয়েল মিডিয়াত ভাইৰেল

Ankita Sonowal July 28, 2023

ডিজিটেল ডেস্কঃ এজন প্ৰাণৱন্ত বয়সস্থ ব্যক্তি। এই ব্যক্তিজনে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব। টুইটাৰত আৰায়ংশ নামৰ ইউজাৰ্চে এই কাহিনী শ্বেয়াৰ কৰিছে। এই কাহিনীটোত উদয়পুৰৰ এজন বৃদ্ধ চামোছা বিক্ৰেতাৰ কথা কোৱা হৈছে।

পোষ্টটোত বৰ্ণনা কৰা হৈছে যে মানুহজনে ঘৰতে শুই বহি এলেহুৱা হৈ থকাৰ পৰিৱৰ্তে এই বয়সতো কেনেকৈ কঠোৰ পৰিশ্ৰম কৰি আছে।

আৰায়ংশে লিখিছে ‘‘কোৰ্ট চাৰ্কল উদয়পুৰৰ ওচৰত ট্ৰেফিক চিগনেলৰ কাষত গাড়ীখন ৰখাই দিওঁতে প্ৰচণ্ড বৰষুণ দি আছিলো, য’ত মই এজন বৃদ্ধ মানুহক গৰম চিংৰা আৰু প’হা বিক্ৰী কৰা দেখিছিলো।’ তেতিয়া মই তেওঁক সুধিছিলো, আপুনি এই বয়সতো কিয় কাম কৰি আছে.. কিয় ঘৰত জিৰণি নলয়।’’

এই প্ৰশ্ন শুনি তেওঁ কৈছিল “বেটা, মই এই বয়সত পইচাৰ কাৰণে কাম কৰি থকা নাই। মই নিজৰ অন্তৰখনক সুখী কৰি ৰাখিবৰ বাবে কাম কৰো। ঘৰত অকলে বহি থকাতকৈ ইয়াত বহি থকাটো মোৰ বাবে উত্তম। যেতিয়া দুই-চাৰিজনে মোৰ চিংৰাৰ সোৱাদ লৈ সুখী হৈ যোৱা দেখো, তেতিয়া মোৰ অন্তৰ সুখেৰে ভৰি পৰে।’’

এই কাহিনী টুইটাৰত দিয়াৰ লগে লগে ভাইৰেল হৈ পৰিছে। সকলোৱে এই বৃদ্ধ ব্যক্তিজনৰ পৰা কাম কৰাৰ অনুপ্ৰেৰণা লাভ কৰিছে।

Share This