ডিজিটেল ডেস্ক : শুকুৰবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এন এছ এ) অধীনত পৰিৱেশ কর্মী সোণম ৱাংচুকক গ্ৰেপ্তাৰ কৰাৰ পাছত শনিবাৰে হিংসাজৰ্জৰ লাডাখৰ চহৰ লেহত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ইয়াৰ টইল বৃদ্ধি কৰিছে আৰু চাৰি দিনৰ বাবেও চহৰখনত সান্ধ্য আইন অব্যাহত আছে। শুকুৰবাৰে শেহ নিশা এটা বিবৃতি জাৰি কৰি লাডাখৰ উপ-ৰাজ্যপালে কয় যে বাংছুকৰ গ্ৰেপ্তাৰ হৈছে ন্যায়সংগত।
বাংছুকে নেপালৰ জেন- জেডৰ প্ৰতিবাদকাৰীৰ বিষয়ে উল্লেখ কৰি লেহত হিংসাত্মক কার্যক উচটনি দিছিল বুলি উপ-ৰাজ্যপালজনে অভিযোগ কৰে। তদুপৰি, মধ্য প্রাচ্যৰ দেশসমূহৰ পৰা পুঁজি লাভ কৰি এন জি অ' চলোৱা বাংছুকে পাকিস্তানৰো সমর্থন লাভ কৰিছিল বুলি তেওঁ অভিযোগ কৰে।
আনহাতে, সোণম ৱাংচুকৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা দিছে শিৱ সেনাৰ (উদ্ধৱ) মুৰব্বী উদ্ধৱ থাকৰেই। শনিবাৰে থাকৰেই কয় যে দেশৰ সেনাৰ বাবে সৌৰ টেন্ট প্রযুক্তি বিকশিত কৰি থকা এজনক দেশদ্রোহী সজাই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু ইয়াৰ বিপৰীতে পাকিস্তানৰ বিৰুদ্ধে ক্রিকেট মেচ খেলিবলৈ ভাৰতীয় দলক অনুমতি দিয়া হ'ল। সোণম ৱাংছুকক গ্ৰেপ্তাৰ কৰাটো দুর্ভাগ্যজনক আখ্যা দিয়ে উদ্ধৱ থাকৰেই।