ডিজিটেল ডেস্ক : শনিবাৰে নিশা ইউক্রেইনৰ ড্ৰ'নে ৰাছিয়াৰ অন্যতম বৃহত্তম এটা তেল শোধনাগাৰত আক্ৰমণ কৰাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। ইউক্রেইন আৰু ৰুছ সেনাই দেওবাৰে এই কথা জনায়। লেনিনগ্ৰেডৰ কিৰিশ্বি তেল শোধনাগাৰত এই আক্রমণ চলোৱা হৈছিল। এই শোধনাগাৰটোৱে বছৰত প্ৰায় ১৭.৭ মিলিয়ন মেট্রিক টন খাৰুৱা তেল শোধন কৰে।
এই শোধনাগাৰটো পৰিচালনা কৰে ৰুছ তেল কোম্পানী ছুৰগুটনেফটিগেছে আৰু ই হৈছে উৎপাদনত দেশখনৰ তিনিটা শীর্ষ শোধনাগাৰৰ অন্যতম। ইউক্রেইনৰ সেনাৰ মতে ড্ৰ'নৰ আক্ৰমণত শোধনাগাৰটোত বিস্ফোৰণ হয় আৰু অগ্নিকাণ্ড সংঘটিত হয়।
লেনিনগ্ৰেডৰ আঞ্চলিক গৱৰ্নৰ আলেকজেণ্ডাৰ ড্ৰ'জডেনক'ৱে জনায় যে কিৰিশ্বি অঞ্চলত ইউক্রেইনৰ তিনিখন ড্র'ন ভূপাতিত কৰা হয়। তেওঁ আৰু কয়, 'কোনো আহত হোৱা নাই আৰু পাছত অগ্নিনির্বাপণ কৰা হয়।'