চি এন ই আই এছ এছৰ সতর্কবাণী, নির্বাচন অশান্ত কৰাৰ ষড়যন্ত্র আলফা (স্বাঃ)-বাংলাদেশ-ৰহিঙীয়াৰ

dainik janambhumi March 25, 2026

ডিজিটেল ডেস্ক: দিল্লীস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষা সম্পৰ্কীয় 'থিংক টেংক' চেণ্টাৰ ফৰ নৰ্থ-ইষ্ট ইণ্ডিয়া ছিকিউৰিটি ষ্টাডিজে (চি এন ই আই এছ এছ) আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত ব্যাঘাত ঘটাবলৈ আলফা স্বাধীনে সংঘটিত কৰিব পৰা কূটাঘাতৰ সম্পর্কে যোৱা ৬ মাৰ্চত এটা বিজ্ঞপ্তিৰ জৰিয়তে সতৰ্ক কৰি দিছিল। 

চি এন ই আই এছ এছে পুনৰ সতৰ্ক কৰি দিয়ে যে আলফা স্বাধীন, বাংলাদেশৰ পাৰ্বত্য চট্টগ্রাম অঞ্চলৰ জনজাতীয় সশস্ত্র গোষ্ঠী, পার্বত্য চট্টগ্রাম জনসংহতি সমিতি (পি চি জে এছ এছ), আৰাকান ৰহিঙীয়া ছালভেশ্যন আর্মি (এ আৰ এছ এ) আৰু ৰহিঙীয়া ছলিডাৰিটি অর্গেনাইজেশান (আৰ এছ অ')ৰ জোঁটক ফলপ্রসূভাৱে বাধা প্ৰদান নকৰিলে ভয়াৱহ প্রাণঘাতী আক্রমণ হ'ব পাৰে। যোৱা ২২ মাৰ্চৰ পুৱা আলফা স্বাধীনে তিনিচুকীয়াৰ জাগুণত থকা ৪নং অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ শিবিৰত আৰ পি জিৰ দ্বাৰা আক্ৰমণ চলায়। এই আক্রমণত অসম আৰক্ষীৰ চাৰিজন কমাণ্ডো ৰবি গড়, জিম্বুছ মাৰাক, দেৱাশিস বৰা আৰু চিত্তৰঞ্জন মিলি আহত হৈছিল। যিটো ইয়াৰে অংশ হিচাপে বিবেচিত হৈছে বুলি চি এন ই আই এছ এছে এটা বিবৃতিত প্রকাশ কৰিছে। বিবৃতিটোত লগতে উল্লেখ কৰিছে যে ২০২১ চনৰ পাছত আলফা স্বাধীনৰ দ্বাৰা অসম আৰক্ষীৰ ওপৰত হোৱা এইটো প্রথম ডাঙৰ আক্রমণ। বিগত ২০২৫ বৰ্ষৰ ৯-১১ ডিচেম্বৰত বাংলাদেশৰ কক্সবাজাৰত আলফা, পি চি জে এছ এছ, এ আৰ এছ এ আৰু আৰ এছ অ'ৰ মাজত বাংলাদেশৰ ডাইৰেক্টৰেট জেনেৰেল অব্ ফ'চেছ ইনটেলিজেন্স (ডি জি এফ আই) আৰু পাকিস্তানৰ আই এছ আইৰ সহযোগিতাত হোৱা দুদিনীয়া দীর্ঘ বৈঠকৰ পাছত আলফাই নিজৰ নীতি পৰিৱৰ্তন ঘটোৱাৰ ইংগিত পোৱা গৈছে। 

২০২৬ চনৰ ৯ এপ্ৰিলৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া নকৰিলে আৰু প্ৰাণঘাতী আক্ৰমণৰ আশংকা আছে। নতুনকৈ গঠিত ভাৰত-বিৰোধী শক্তিৰ মাজত পি চি জে চি এছে ভাৰত ভূখণ্ডত অবাধ বিচৰণ, ভাৰতৰ সুৰক্ষাৰ বাবে আটাইতকৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। পি চি জে এছ এছৰ সভাপতি সন্তু লার্মাই বিগত ২৮ বছৰ ধৰি নিৰ্বাচন নোহোৱাকৈয়ে চি এইচ টি আঞ্চলিক পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু তেওঁ ডি জি এফ আইৰ এক সম্পত্তি হিচাপে কাম কৰি আছে। ডি জি এফ আইৰ সম্পত্তি পি চি জে এছ এছৰ পৰা ভাৰতৰ সুৰক্ষাৰ প্ৰতি থকা ভাবুকিৰ মূল্যায়ন কৰাত ভাৰত ব্যৰ্থ হৈছে আৰু এইদৰে পি চি জে এছ এছে ভাৰতত ১৫টা শিবিৰ স্থাপন কৰাৰ খবৰ পোৱা গৈছে। ইয়াৰে ১০টা শিবিৰ মিজোৰামত আছে- লুংলেই জিলাৰ টিপ্পাৰঘাট গাঁও, চালমুৰ গাঁও, মালছুৰি গাঁও আৰু নুনছুৰি গাঁও; লংটলাই জিলাৰ বৰাপানছুৰি গাঁও, লোডিছোৰা গাঁও, নাকুকছেৰা আৰু দেৱাছোৰা দক্ষিণ গাঁও; মামিত জিলাৰ ৰাজীৱনগৰ গাঁও। 

আনহাতে, ত্ৰিপুৰাত পাঁচটা শিবিৰ আছে- ধলাই জিলাৰ কমলখা (কোৰোল্ল্যাচৰী), মোগ পাৰা, সোণামূৰা আৰু গৰিথানহোলা গাঁও আৰু উত্তৰ ত্ৰিপুৰা জিলাৰ মিতিংগাছৰি গাঁও। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক অস্থিৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ উদ্ধৃতি দি চি এন ই আই এছ এছে কয় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত ম্যানমাৰৰ সশস্ত্র সংগঠনসমূহৰ পৰা পি চি জে চি এছক বিপুল পৰিমাণৰ আধুনিক অস্ত্ৰ যোগান ধৰাৰ খবৰ পোৱা গৈছে। এই সশস্ত্র সংগঠনসমূহক আমেৰিকান ভাৰাতীয়া সেনা মেথিউ এৰন ভ্যান ডাইক আৰু ইউক্রেইনীয় নাগৰিকসকলে প্রশিক্ষণ দিছিল, যিসকলক ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) যোৱা ১৩ মাৰ্চত গ্ৰেপ্তাৰ কৰে। পিচিজে এছ এছে এই অস্ত্রসমূহ ম্যানমাৰৰ পালেতৱাৰ পৰা মিজোৰামৰ মাজেদি মিজোৰাম-বাংলাদেশ সীমান্তৰ থেকামুখলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে যোৱা ২৬ ফেব্ৰুৱাৰীত কক্সবাজাৰত থকা পি চি জে এছ এছৰ প্রতিনিধি বিধায়ক চাকমাই ৰহিঙীয়া সশস্ত্র সংগঠনসমূহৰ পৰা ৫০টা অত্যাধুনিক অস্ত্ৰ উত্তৰ-পূৰ্বাঞ্চলত অস্থিৰতা সৃষ্টি কৰাৰ বাবে ক্ৰয় কৰাৰ খবৰ পোৱা গৈছিল। 

২০২৪ চনৰ ৫ ছেপ্টেম্বৰৰ এটা গোচৰৰ ৰায়দানত গুৱাহাটী উচ্চ ন্যায়ালয়ে মিজোৰামত ২০১৩ চনত হোৱা অস্ত্ৰ জব্দ কৰা এটা গোচৰৰ সন্দৰ্ভত পি চি জে এছ এছক এক সন্ত্রাসবাদী সংগঠন হিচাপে আখ্যা দিছিল। এই গোচৰটোত ৩১টা এ কে-৪৭ ৰাইফল, এটা লাইট মেচিন গান, এটা ব্রাউনিং অট'মেটিক ৰাইফল আৰু বিপুল পৰিমাণৰ গোলা-বাৰুদ উদ্ধাৰ হৈছিল। কিন্তু পি চি জে এছ এছে বিশেষকৈ মিজোৰাম আৰু ত্ৰিপুৰাত নিজৰ কাম-কাজ অব্যাহত ৰাখিছে।

Share This