ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট ব'ৰ্ডে ২০২৪-২০২৫ ছিজনৰ (১ অক্টোবৰ, ২০২৪-ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৫) বাবে কেন্দ্রীয় চুক্তিৰ তালিকা প্রকাশ কৰিছে। এই তালিকাত ১৬গৰাকী মহিলা ক্রিকেটাৰক অন্তর্ভুক্ত কৰা হৈছে।
তেওঁলোকক তিনিটা গ্ৰেডত ভাগ কৰা হৈছে। সেই তালিকা অনুসৰি গ্রেড 'এ'ত আছে অধিনায়িকা হৰমনপ্রীত কৌৰ, স্মৃতি মান্ধানা আৰু দীপ্তি শর্মা। এই তিনি তাৰকা যোৱা বছৰতো শীর্ষ গ্রেডত আছিল।
গ্রেড 'বি'ত স্থান পাইছে ৪ ক্রিকেটাৰে। তেওঁলোেক হ'ল ৰেণুকা ঠাকুৰ, জেমিমা ৰড্ৰিগুৱেজ, ৰিচা ঘোষ আৰু শ্বেফালী বার্মা। আনহাতে, গ্রেড 'চি'ত ৯গৰাকীয়ে স্থান লাভ কৰিছে। তেওঁলোকৰ মাজত আছে অসমৰ উমা চেত্ৰী, মস্তিকা ভাটিয়া, ৰাধা যাদৱ, শ্রেয়ংকা পাটিল, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, অমানজ্যোতি কৌৰ, স্নেহ মানা আৰু পূজা ভাষ্ট্ৰেকাৰ।