ডিজিটেল ডেস্ক : অসম কন্যা তথা উইকেটকীপাৰ বেটাৰ উমা চেত্রী আগন্তুক মহিলা বিশ্ব কাপ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তর্ভুক্ত হৈছে। আঁঠুৰ আঘাতৰ বাবে য়াস্তিকা ভাটিয়া বাদ পৰাৰ পাছত উমাই ভাৰতীয় দললৈ আমন্ত্রণ লাভ কৰে।
বিশাখাপট্টনমত ভাৰতৰ প্ৰস্তুতি শিবিৰত বাওঁ আঁঠুত আঘাত পাইছিল য়াস্তিকাই। উমাই ছিনিয়ৰ দলত স্থান পোৱাৰ লগে-লগে বিশ্ব কাপৰ ৱাৰ্ম-আপৰ খেলত ভাৰত 'এ'ৰ সদস্য হৈ নাথাকিব।
ইফালে, এই পর্যন্ত ৭খন টি-২০ ক্রিকেটত উমাৰ প্ৰদৰ্শন সন্তোষজনক নহয়। ৪টা ইনিংছত মাথোঁ ৩৭ ৰান কৰা উমাৰ সৰ্বোচ্চ স্ক'ৰ হ'ল ২৪ ৰান। আনহাতে, ১৪ ছেপ্টেম্বৰত মুলানপুৰত আৰম্ভ হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া শৃংখলা।