অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা, অসমৰ উমা চেত্ৰীৰ স্থান লাভ

dainik janambhumi July 11, 2025

ডিজিটেল ডেস্কঃ অহা মাহত অস্ট্রেলিয়া ভ্ৰমণ কৰিবলগীয়া ভাৰত-এ মহিলা দলটো বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে। দলত স্থান পাইছে অসমৰ উমা চেত্ৰীয়ে। 

অহা ৭ আৰু ২৪ আগষ্টৰ ভিতৰত ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত তিনিখনকৈ টি-২০ আৰু এদিনীয়া ক্রিকেট খেলিব। ইয়াৰ উপৰি, ভাৰতে এখন ৪ দিনীয়া মেচো খেলিব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত এ দলৰ সূচীঃ ৭ আগষ্টত প্রথম টি-২০, ৯ আগষ্টত দ্বিতীয় আৰু ১০ আগষ্টত হ'ব তৃতীয় টি-২০। ১৩ আগষ্টত প্রথম এদিনীয়া, ১৫ আগষ্টত দ্বিতীয় আৰু ১৭ আগষ্টত হ'ব তৃতীয় এদিনীয়া। 

আনহাতে, ৪ দিনীয়া খেলখন অনুষ্ঠিত হ'ব ২১-২৪ আগষ্টত। ঘোষিত ভাৰতৰ টি-২০ দলটো: ৰাধা যাদৱ (অধিনায়ক), মিন্নু মণি (উপ-অধিনায়ক), শ্বেফালী বার্মা, ডি বৃন্দা, ছজনা ছাজিভন, উমা চেত্রী (উইকেটকীপাৰ), ৰাঘৱী বিষ্ট, শ্রেয়াংকা পাটিল, প্রেমা ৰাবাট, নন্দিনী কাশ্যপ (উইকেটকীপাৰ), তনুজা কানৱাৰ, জুশ্বিতা ভিজে, ছবনম শ্বাকিল, ছাইমা ঠাকুৰ আৰু টিটাছ ছাধু। 

এদিনীয়া আৰু ৪ দিনীয়া খেললৈ ঘোষিত দলটো: ৰাধা যাদৱ (অধিনায়ক), মিন্নু মণি (সহঃ অধিনায়ক), শ্বেফালী বার্মা, উমা চেত্ৰী (উইকেট কীপাৰ), ৰাঘৱী বিষ্ট, নন্দিনী কাশ্যপ (উইকেটকীপাৰ), তনুজা কানৱাৰ, জুশ্বিতা ভিজে, ছবনম শ্বাকিল, ছাইমা ঠাকুৰ, টিটাছ ছাধু, ধাৰা গুজৰ, তেজাল হাছাবনিছ, তনুশ্রী সৰকাৰ আৰু প্রিয়া মিশ্র।

Share This