ডিজিটেল ডেস্ক : চলিত আই পি এলত অন্তিম ৪খন খেলৰ তিনিখনতে পৰাজয়ৰ সন্মুখীন হৈ চাপত আছে কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)। এই পৰিস্থিতিৰ মাজতে কে কে আৰৰ শিবিৰত যোগ দিলে বেগী বলাৰ উমৰান মালিকে। অৱশ্যে, কাশ্মীৰৰ বেগী বলাৰ উমৰানক আজিংক্য ৰাহানেই দলত পালেও আই পি এলত তেওঁক নমাব নোৱাৰিব। উমৰানে দলত যোগ দিয়াৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে কে কে আৰৰ কর্তৃপক্ষই।
উল্লেখযোগ্য যে আঘাতৰ বাবে ইতিমধ্যেই আই পি এলৰ পৰা বাহিৰ হৈছিল উমৰান। তেওঁৰ পাৰিৱৰ্তিত খেলুৱৈ হিচাপে কে কে আৰে দলভুক্ত কৰিছিল চেতন ছাকাৰিয়াক। নেট বলাৰ ৰূপে ৰাহানে বাহিনীক অনুশীলনত সাহায্য কৰিছিল চেতনে। আইপি এলৰ মাজতে উমৰান ফিট হৈ উঠাৰ সম্ভাৱনা নথকাৰ বাবেই চেতনক দলত অন্তর্ভুক্ত কৰিছিল কে কে আৰ কর্তৃপক্ষই।
শেহতীয়াকৈ ফিট হৈ উঠা উমৰানে কে কে আৰৰ শিবিৰত পুনঃসংস্থাপনত ব্যস্ত থাকিব। নাইট ৰাইডাৰ্ছৰ বলিং প্রশিক্ষক ভৰত অৰুণ আৰু আন সহযোগী ষ্টাফে মেচৰ বাবে ফিট হৈ উঠিবৰ বাবে ২৫ বছৰীয়া বলাৰগৰাকীক সাহায্য কৰিব। তেওঁলোকৰ অধীনতে বেগী বলাৰগৰাকীয়ে ট্রেইনিং আৰু অনুশীলনত নামিব। উমানক শ্রেষ্ঠ ফৰ্মলৈ উভতাই আনিবলৈ দায়িত্ব লৈছে কলকাতা নাইট ৰাইডাৰ্ছ কর্তৃপক্ষই। দেশৰ হৈ ১০খন এদিনীয়া আৰু ৮খন টি-২০ মেচ খেলাৰ অভিজ্ঞতা আছে উমৰানৰ।