ডিজিটেল ডেস্ক : আই পি এলত উন্নত প্রদর্শন দাঙি ধৰাৰ সুবাদতে প্ৰথমবাৰ ভাৰতীয় টেষ্ট দলত অন্তর্ভুক্ত হৈছে ছাই সুদর্শন। ইংলেণ্ডৰ বিৰুদ্ধে হেডিংলেৰ প্ৰথম টেষ্টত অভিষেকো ঘটে সুদৰ্শনৰ। প্ৰথম ইনিংছত শূন্য ৰানত আউট হ'লেও দ্বিতীয় ইনিংছত তেওঁ ৩০ ৰান কৰে। পিছে আঘাতৰ বাবে এজবাষ্টনৰ দ্বিতীয় টেষ্টত অনিশ্চিত সুদর্শন। মঙলবাৰে প্ৰথম টেষ্টখনৰ অন্তিম দিনা ফিল্ডিং কৰি থকাৰ সময়ত কান্ধত আঘাত পায় টপ-অৰ্ডাৰৰ বেটাৰগৰাকীয়ে। তেওঁৰ পৰিৱৰ্তে ফিল্ডিং কৰিবলৈ নামে নীতিশ কুমাৰ ৰেড্ডীয়ে।
আঘাত পোৱাৰ পাছত সেইদিনা সুদৰ্শনে আৰু খেলপথাৰত নামিব নোৱাৰিলে। সুদৰ্শনৰ আঘাত কিমান গুৰুতৰ সেয়া ভাৰতীয় শিবিৰৰ পৰা জানিব পৰা হোৱা নাই। এক ৰিপ'ৰ্ট অনুসৰি সুদৰ্শন সম্পূর্ণ ফিট নহয় আৰু সেয়ে দ্বিতীয় টেষ্টত তেওঁৰ অংশগ্রহণ অনিশ্চিত। অৱশ্যে, এজবাষ্টনত তেওঁ খেলিব নোৱাৰিলেও খুব এটা সমস্যাৰ কথা নহ'ব ভাৰতীয় শিবিৰৰ বাবে। প্রথম টেষ্টত সুদৰ্শনে তিনি নম্বৰত বেট ধৰিছিল। এতিয়া সুদর্শনে দ্বিতীয় টেষ্টত খেলিব নোৱাৰিলে তেওঁৰ স্থান পূৰাব পাৰে কৰুণ নায়াৰে। হেডিংলেত কৰুণে খেলিছিল ছয় নম্বৰ স্থানত। সেই ক্ষেত্রত প্রথম একাদশত স্থান পাব পাৰে নীতিশে।
আনহাতে, সুদৰ্শনৰ তিনি নম্বৰ স্থানত খেলিব পাৰে অভিমন্যু ঈশ্বৰণে। বেটাৰ হিচাপে অনেক অভিজ্ঞ আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সাফল্য থাকিলেও এই পর্যন্ত টেষ্ট অভিষেক ঘটা নাই অভিমন্যুৰ। চেতেশ্বৰ পূজাৰাৰ পাছত ভাৰতীয় টেষ্ট দলৰ বেটিং অৰ্ডাৰৰ তিনি নম্বৰ স্থান বেছ কিছুদিন ধৰি আছিল শুভমনৰ দখলত। সেয়ে, সুদর্শনে খেলিব নোৱাৰিলেও পুৰণি বেটিং অৰ্ডাৰলৈ উভতিব পাৰিব অধিনায়ক গীল। তেনে পৰিস্থিতিত ৪ নম্বৰত আন কোনোবাই খেলিব পাৰিব। ইফালে, সুদৰ্শনৰ আঘাতক লৈ ভাৰতীয় শিবিৰৰ পৰা চৰকাৰীভাৱে কোনো তথ্য সদৰী কৰা হোৱা নাই। ভাৰত-ইংলেণ্ডৰ মাজত দ্বিতীয় টেষ্ট ২ জুলাইত আৰম্ভ হ'ব। হাতত আছে কেইবাদিনো সময়। ইয়াৰ মাজতে আঘাতমুক্ত হৈ উঠিব পাৰিলে সুদর্শনে খেলাৰ সম্ভাৱনাও আছে।