ভাৰতৰ স্বাৰ্থক অগ্রাধিকাৰ দিয়া হ'ব, চুবুৰীয়া দেশসমূহলৈ তেল যোগানৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ

dainik janambhumi March 20, 2026

ডিজিটেল ডেস্ক : কেইবাখনো চুবুৰীয়া দেশে ভাৰতৰ পৰা তেল আমদানি কৰিব বিচাৰিছে যদিও ভাৰতে সম্প্ৰতি নিজৰ ঘৰুৱা চাহিদা পূৰণক সর্বাধিক অগ্ৰাধিকাৰ দিছে। 

আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ ফলত বিশ্বজুৰি তেলৰ বজাৰখনত ব্যাপক প্ৰভাৱ পৰিছে। ইৰানে হৰমুজ প্রণালী বন্ধ কৰি ৰখাত খাৰুৱা তেল পৰিবাহী জাহাজসমূহ পাৰ হ'ব নোৱাৰাত সমগ্ৰ বিশ্বতে তেলৰ নাটনিৰ সৃষ্টি হৈছে। 

এনে সময়তে বাংলাদেশ, মালদ্বীপ, শ্রীলংকা আদি দেশে ভাৰতক তেল যোগানৰ বাবে অনুৰোধ জনাইছে। কেন্দ্রীয় পেট্রলিয়াম ম্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই এই তথ্য প্রকাশ কৰি কয় যে চুবুৰীয়া ৰাষ্ট্ৰলৈ ৰপ্তানি কৰাতকৈ এই সময়ত জাতীয় স্বার্থকহে কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰ দিছে। ঘৰুৱা চাহিদা পূৰণৰ পাছত ৰৈ গ'লেহে ভাৰতে আন দেশক সঁহাৰিৰ কথা চিন্তা কৰিব।

Share This